অচিনাক্ত একাউণ্টৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা এখন ইমেইলে আতংকৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি ইমেইলত উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে।
এটা আগশাৰীৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে এই ঘটনাক লৈ মহানগৰীত আতংকৰ সৃষ্টি হোৱাৰ পিছতে নিৰাপত্তাক লৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষীৰ লগতে সমগ্ৰ প্ৰশাসন।
বাতৰি অনুসৰি, আদালতৰ চৌহদ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া এই আতংকজনক বাৰ্তাই মহানগৰ আৰক্ষীৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।
ইতিমধ্যে গুৱাহাটী আৰক্ষী আৰু বিশেষ শাখাৰ জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ বৰ্তমান নিৰাপত্তাৰ ব্যৱস্থাৰ তদাৰক কৰি থকা বুলি জানিব পৰা গৈছে।
সংবাদ মাধ্যমৰ সূত্ৰটোৱে লগতে জনায় যে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চাইবাৰ অপৰাধ বিশেষজ্ঞসকল সক্ৰিয় হৈ পৰিছে আৰু এই ভাবুকিৰ উৎসৰ সন্ধানৰ বাবে তদন্ত চলি আছে।
অৱশ্যে বৰ্তমানলৈকে প্ৰেৰকৰ পৰিচয় জানিব পৰা হোৱা নাই।