NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ত হঠাতে চাকৰি হেৰুৱালে বহু শিক্ষকে, কিন্তু কিয়?

July 4, 2021 9:24 pm · এন ই নাও নিউজ
Updated: July 4, 2021 9:33 pm

ৰাজ্যত ক’ৰ’নাতংকৰ বাবে শৈক্ষিক খণ্ডলৈয়ো আহি পৰিছে নানা তৰহৰ ভাবুকি ।

এনে সময়তে ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত একে সময়তে বহু কেইগৰাকী শিক্ষকে চাকৰি হেৰুওৱাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় খনৰ বিভিন্ন বিভাগত পাঠদান কৰি অহা ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

নিৰ্দেশ অনুসৰি ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ঠিকা ভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে।ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশৰ ভিত্তিতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ ফলত বিশ্ববিদ্যালয় খনৰ বহু কেইটা বিভাগত শিক্ষকৰ নাটনি হৈ থকাৰ বিষয়টোক আৰু জটিল কৰি তুলিব বুলি বহুতে আশংকা ব্যক্ত কৰিছে।

বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, এমএড আদি বিভাগত ব্যাপক প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।

কাৰণ এই বিভাগ সমূহত পূৰ্বৰে পৰা শিক্ষকৰ নাটনি হৈ আহিছে।জানিব পৰা মতে এতিয়াও বিশ্ববিদ্যালয় খনত প্ৰায় ১৩০ টা শিক্ষকৰ পদ খালি হৈ পৰি আছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নতুন নিৰ্দেশৰ ফলত প্ৰায় ৫০ গৰাকী ঠিকা ভিত্তিক শিক্ষকে কাম হেৰুৱাব বুলি ধাৰণা কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তত উদ্বেগ ব্যক্ত কৰিছে আছুৱেও। আছুৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰি চোৱাৰ আহ্বান জনোৱাৰ লগতে বিষয়টোকলৈ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয় খনৰ উপাচাৰ্যলৈ চিঠি লিখিব বুলিও জানিব পৰা গৈছে।

Related News