গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজো ওলাই আহিল নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে

বিধেয়কখন বাতিল নকৰিলে অসমক পুনৰ নৈৰাজ্যৰ মাজলৈ ঠেলি দিয়া হ'ব : ড০ তিলক হাজৰিকা

Gauhati University

ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কে অসম অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ওলাই আহিল বিধেয়কখনৰ বিৰুদ্ধে।

আজি বিয়লি চাৰি বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি জালুকবাৰীলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই।

উক্ত প্ৰতিবাদী সমদলৰ নেতৃত্বত থকা শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড০ তিলক হাজৰিকাই নৰ্থ-ইষ্ট নাওৰ আগত কয় “আমি কৰা এই প্ৰতিবাদক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মনোযোগ দি শুনক।”

“অসমৰ খিলঞ্জীয়া মানুহৰ মৰ্ম-বেদনা কেন্দ্ৰীয় চৰকাৰখনে বুজি পাব লাগে।” তেওঁ লগতে কয়।

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা সকলো দল-সংগঠনৰ সৈতে আমি একমত পোষণ কৰিছো। এই আন্দোলন কেৱল অসমতে হোৱা নাই, সমগ্ৰ উত্তৰ পূবলৈ বিস্তাৰিত হৈছে। আনকি, দিল্লীতো উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে। গতিকে খিলঞ্জীয়া মানুহৰ আৰ্তনাদ কেন্দ্ৰীয় চৰকাৰখনে বুজিবলৈ চেষ্টা কৰিব লাগে।” কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰতি এই আহ্বান শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ।

তদুপৰি, ড০ হাজৰিকাই শংকা প্ৰকাশ কৰি কয়, “যদি বিধেয়কখন বাতিল নকৰে, তেন্তে অসমক পুনৰ নৈৰাজ্যৰ প্ৰতি ঠেলি দিব আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰেই দায়বদ্ধ হ’ব।”

উক্ত প্ৰতিবাদী সমদলত গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মীসন্থা, গুৱাহাটী বিশ্ববিদ্যালয় বিষয়াসন্থা, স্নাতকোত্তৰ ছাত্ৰ সন্থা, আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই সহযোগ কৰে।