NORTHEAST NOW (Assamese)

পুনৰ হেক হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট

February 12, 2021 5:21 pm · এন ই নাও নিউজ

পুনৰ হেক হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট। শুকুৰবাৰে (১২ ফেব্ৰুৱাৰি)ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটতো পুনৰবাৰ হেক হয়।

কিন্তু বৰ্তমানলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনোধৰণৰ তথ্য বা দৰকাৰী খবৰ হেকৰ ফলত বিনষ্ট হোৱা নাই বুলি জানিব পৰা গৈছে।

শেহতীয়া খবৰ অনুসৰি, কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ অন্তত বিশ্ববিদ্যালয়খনৰ ৱেবচাইটতো পুনৰ সক্ৰিয় হৈছে।

‘‘মেছেজ ফ্ৰম গড। হেপী ভেলেণ্টাইন ডে মনিষ,’’ হেক হোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইত এনেদৰে লিখা থকাৰ স্ক্ৰীণশ্বট প্ৰচাৰিত হৈছে।

অৱশ্যে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা ইয়া শুদ্ধ-শুদ্ধতাৰ সম্পৰ্কত নিজাববীয়াকৈ কোনোধৰণৰ তথ্য সংগ্ৰহ কৰা হোৱা নায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইক হেক হোৱা এয়া দ্বিতীয়টো ঘটনা।

ইয়াৰ পূৰ্বেও ২০১৯ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটটো হেক হৈছিল।

কোন উৎসৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটতো হেক কৰা হৈছে সেই সম্পৰ্কেও বৰ্তমানলৈ কোনোধৰণৰ সঠিক তথ্য লাভ কৰিব পৰা হোৱা নায়।

Related News