ভাৰতীয় ষ্টাৰ্টআপ স্পেছকিডছ ইণ্ডিয়া আৰু পিক্সেলে নিৰ্মাণ কৰি উলিওৱা দুটাকৈ উপগ্ৰহৰ ইছৰোৰ বাংলালুৰুস্থিত য়ু আৰ ৰাও উপগ্ৰহ কেন্দ্ৰত পৰীক্ষা সম্পন্ন কৰা হয়।
উপগ্ৰহ আৰু ৰকেটৰ বাবে বিভিন্ন অংশৰ নিৰ্মাণৰ বাবে অন্য প্ৰতিষ্ঠানৰ সহায় লোৱা ইছৰোৱে প্ৰথমবাৰৰ বাবে দুটাকৈ প্ৰতিষ্ঠানক তেওঁলোকৰ উপগ্ৰহৰ সৌৰ পেনেলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।
দুয়োটা ষ্টাৰ্টআপ প্ৰতিষ্ঠানে ইতিমধ্যে তেওঁলোকৰ পৰীক্ষণ সম্পুৰ্ণ কৰিছে আৰু আগন্তুক মাহত শ্ৰীহৰিকোটাত থকা কেন্দ্ৰত তেওঁলোকৰ ৰকেটৰ ইঞ্জিন ইত্যাদিৰো পৰীক্ষণ কৰিব বুলি ইছৰোৰ মুখপাত্ৰ বিবেক সিঙে কয়।
‘‘উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপনকে আদি কৰি ইছৰোৰ বিভিন্ন কামত বিভিন্ন প্ৰতিষ্ঠান জড়িত হৈ আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে দেশৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানে নিজাববীয়াকৈ উপগ্ৰহ নিৰ্মাণৰ প্ৰকল্পৰ কাম হাতত লৈছে। আমাৰ পৰৱৰ্তী পি এছ এল ভি মুকলিৰ সময়ত তেওঁলোক আমাৰ সহযোগী হ’বও পাৰে,’’ ইছৰোৰ মুখপাত্ৰ গৰাকীয়ে লগতে কয়।
পূৰ্বে ইছৰোই ব্যক্তিগত প্ৰতিষ্ঠানক নিৰ্ধাৰিত ধনৰ বিনিয়মত উৎক্ষেপনৰ বাবেও অনুমতি প্ৰদান কৰিছিল।
২০২০ বৰ্ষত ইছৰোৰ মুৰব্বী কে শিবানে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানক পৰীক্ষণকে ধৰি বিভিন্ন সুবিধা ইছৰোই প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।
এই ঘোষণাৰ মাত্ৰ ৮ মাহৰ ভিতৰতে ইছৰোই ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত উপগ্ৰহ উৎক্ষেপনৰ বাবে সাজু হৈছে।