গৃহ মন্ত্ৰী অমিত শ্বাহক বিদেশী ঘোষিত প্ৰাক্তন সেনা বিষয়াক মুক্তিৰ দাবী সাংসদ গৌৰৱ গগৈৰ

We, the northeast, oppose bill cause we are not slaves: Assam MP Gaurav Gogoi in Lok Sabha debate over CAB

গৌৰৱ গগৈৰ ফাইল ছবি।

বিদেশী ন্যায়াধিকৰণে বিদেশীৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা সোণাউল্লাহৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

পত্ৰযোগে নৱনিৰ্বাচিত কংগ্ৰেছী সাংসদজনে গভীৰ উদ্বেগেৰে কয় যে ভাৰতীয় নাগৰিক হোৱাৰ পাছতো সোণাউল্লাহক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা বিষয়টো চিন্তনীয়। প্ৰাক্তন সেনা বিষয়াজন ষড়যন্ত্ৰৰ বলি হোৱা বুলিও পত্ৰযোগে উল্লেখ কৰে।

 Gogoi

এই ক্ষেত্ৰত সাংসদ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীজনৰ পৰা প্ৰত্যক্ষ হস্তক্ষেপ বিচৰাৰ লগতে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়টোত কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিছিল। বিদেশী ন্যায়াধীকৰণে যি ৰায় দিয়ে সেয়াই গ্ৰহণযোগ্য বুলিও কৈছিল গৃহ মন্ত্ৰালয়ে।

আনহাতে ভাৰতীয় সেনায়ো সোণাউল্লাহৰ বিষয়টোত কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই।