অৱশেষত অসমত অন্ত পৰিল বিৰোধী মিত্ৰজোঁটৰ চৰ্চা। ৰাজ্যৰ ১২ খন লোকসভা আসনতে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে। কেৱল মাত্ৰ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা আসনত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ পৰা বিৰত থাকিল দলটো।
ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি, চলি থকা চৰ্চাৰ দৰেই যোৰহাট লোকসভা আসনৰ পৰা দলটোৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ। সেইদৰে নগাঁৱৰ পৰা প্ৰদ্যুত বৰদলৈ, ধুবুৰীৰ পৰা ৰকিবুল হুছেইনক প্ৰদান কৰা হৈছে প্ৰাৰ্থীত্ব।
গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰ, কোকৰাঝাৰৰ পৰা গৰ্জন মুছাহাৰী, দৰং ওদালগুৰিৰ পৰা মাধৱ ৰাজবংশী, কাজিৰঙাৰ পৰা ৰৌজলিনা তিৰ্কী, বৰপেটাৰ পৰা দ্বীপ বায়ন, তেজপুৰৰ পৰা প্ৰেমলাল গঞ্জুৱে প্ৰতিদ্বন্দিতা আগবঢ়াব।
আনহাতে হাফিজ ৰচিদ চৌধুৰীক কৰিমগঞ্জৰ পৰা, সূৰ্য কান্ত চৰকাৰক শিলচৰৰ পৰা আৰু জয়ৰাম ইংলেঙক কাৰ্বি আংলঙৰ পৰা টিকট প্ৰদান কৰিছে কংগ্ৰেছে।
লক্ষণীয়ভাৱে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে দলটোৱে। এই ১২ টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কেৱল মাত্ৰ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা আসন মিত্ৰজোঁটৰ আন অংশীদাৰসকললৈ এৰি দিয়ে।
এনে পৰিপেক্ষিতত জল্পনা-কল্পনা চলি থকাৰ দৰেই অসম জাতীয় পৰিষদৰ লুৰিনজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই ৰাজ্যত মিত্ৰজোঁট ভংগৰ ফালেও ঠেলি দিছে।
বিশেষকৈ বৰপেটা সমষ্টিৰ পৰা টিকট প্ৰত্যাশী চিপিআই এমৰ মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতে বিষোদগাৰ প্ৰকাশ কৰিছে। আনুষ্ঠানিকভাৱে আজি মিত্ৰজোঁট ভংগ হোৱা বুলি মন্তব্য কৰিছে বাওঁ নেতাগৰাকীয়ে।