লোকসভাৰ শীতকালীন অধিবেশনত বায়ু প্ৰদূষণ আইন সংশোধনী বিধেয়কৰ প্ৰস্তাৱ কৰিব গৌৰৱ গগৈয়ে

FB_IMG_1543554130410

গৌৰৱ গগৈ। ফটো : নৰ্থইষ্ট নাও

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ শীতকালীন অধিবেশনত বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮১ৰ সংশোধনী সম্পৰ্কত ব্যক্তিগত সদস্যৰ বিধেয়ক প্ৰস্তাৱ কৰিব।

লোকসভাৰ শীতকালীন অধিবেশন ১৮ নৱেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ চলিব।

‘‘পৰিবেশ সংৰক্ষণ আইনখন ১৯৮০ চনত গৃহীত কৰা আৰু ১৯৮০ চনৰ এখন আইন ২০১৯ চনৰ বাবে পৰ্যাপ্ত নহয়,’’ সাংসদ গগৈয়ে কয়।

পৰিবেশ সংৰক্ষণ সম্পৰ্কত অধিক কঠোৰ হোৱাৰ বাবে চৰকাৰক উক্ত আইনখন সংশোধনীৰ বাবে প্ৰস্তাৱ আগবঢ়াব সাংসদ গগৈয়ে।

সংসদৰ শীতকালীন অধিবেশনত তেওঁৰ মুখ্য উদ্দেশ্য বায়ু প্ৰদূষণক এক স্বাস্থ্য সম্পৰ্কীয় বিষয় হিচাপে উপস্থাপন কৰা।

‘‘পুৰণি আইনখনৰ কতো স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ উল্লেখ নাই। সেইবাবে আমি ইয়াক অন্তৰ্ভূক্ত কৰিব লাগিব,’’ গগৈৰ মন্তব্য।

আনহাতে, পুৰণি আইনখনৰ সংশোধনে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অধিক ক্ষমতা প্ৰদান কৰিব বুলিও গৌৰৱে কয়।

তদুপৰি, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰদূষণকাৰী সকলৰ ওপৰত বৃহৎ জৰিমনাৰ লগতে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো তেওঁ পোষকতা কৰে।

ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্য্যক্ৰম সম্পৰ্কত মত ব্যক্ত কৰি অসমৰ সাংসদ গৰাকীয়ে বৃহৎ আৰু স্পৰ্শকাতৰ বিষয়টোৰ বাবে আবন্টিত ৩০০ কোটি টকা পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰে।