NORTHEAST NOW (Assamese)

গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি

July 9, 2024 9:15 pm · এন ই নাও নিউজ, গুৱাহাটী

গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বুলি বুধবাৰে বিচিচিআইৰ সম্পাদক জয় শ্বাহে ছ’চিয়েল মিডিয়াত নিশ্চিত কৰিছে।

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পাছত কাৰ্যকালৰ অন্ত পৰা ৰাহুল দ্ৰাবিড়ৰ ঠাইত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক এই দায়িত্ব প্ৰদানৰ কথা উল্লেখ কৰি শ্বাহে কয় যে, “অসীম আনন্দৰ সৈতে গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে আদৰণি জনাইছোঁ। আধুনিক ক্ৰিকেটৰ দ্ৰুতগতিত বিকাশ ঘটিছে আৰু গৌতমে এই পৰিৱৰ্তিত পৰিৱেশটো ওচৰৰ পৰা দেখিছে এই নতুন যাত্ৰাত নামি পৰাৰ সময়ত @BCCI-এ তেওঁক সম্পূৰ্ণৰূপে সমৰ্থন কৰে।’

ইয়াৰ পূৰ্বে জয় শ্বাহে ৰাহুল দ্ৰাবিড়ৰ বাবেও এটা বাৰ্তা পোষ্ট কৰিছিল যিয়ে নিজৰ চূড়ান্ত এচাইনমেণ্টৰ সময়ত টি-২০ বিশ্বকাপ ২০২৪ জয় কৰি ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিজৰ সময় শেষ কৰিছিল।শ্বাহে লিখিছিল “মই ৰাহুল দ্ৰাবিড়ক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যাৰ মুখ্য প্ৰশিক্ষক হিচাপে অতি সফল কাৰ্যকালৰ অন্ত পৰিছে।”

Related News