• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰভাৱৰ অভাৱ দেখা গ’ল এমবাপেৰ! ফ্ৰান্সক পৰাস্ত কৰি ইউৰো কাপৰ ফাইনেলত স্পেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2024 8:14 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাস্ক খুলি কাইলিয়ান এমবাপেই দ্ৰুতগতিৰ ফুটবলত আক্ৰমণৰ নেতৃত্ব দিয়াৰ পিছতো গ’ল নাপালে। বৰঞ্চ ১৬ বছৰ বয়সত ফুট লেম্পৰ পোহৰত ওলাই অহা লামিনে ইয়ামলে সকলো পোহৰ কাঢ়ি লৈ ​​গ’ল। তেওঁ এটা আচৰিত গ’ল দি দলটোক পথ দেখুৱাইছিল। পিছ পৰি থকাৰ আঘাত চম্ভালি স্পেইনে ফ্ৰান্সক পৰাস্ত কৰি ইউৰোপীয় চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে।

মঙলবাৰে নিশা (০৯ জুলাই) মিউনিখৰ এলিয়ানজ এৰিনাত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ২-১ গ’লত জয়লাভ কৰে। প্ৰতিযোগিতাখনৰ ছয়খন মেচতে স্পেইনে গতি আৰু নান্দনিক ফুটবল প্ৰদৰ্শনেৰে জয়লাভ কৰে। এক ৰোমাঞ্চকৰ মুখামুখিত তিনিওটা গ’ল ২৫ মিনিটৰ ভিতৰতে হয়। ৰেণ্ডেল ক’ল’ মুয়ানীৰ গ’লেৰে পিছ পৰা স্পেইনে ইয়ামালৰ গ’লেৰে সমতা স্থাপন কৰে। তেওঁলোকৰ বিজয়ী গ’লটো দিয়ে ডানি অলমোৱে।

মিউনিখত ফ্ৰান্সে এক সুন্দৰ আৰম্ভণি কৰিছিল। মাত্ৰ ৮ মিনিটৰ অন্ততে গ’ল দিয়ে। এমবাপেৰ ক্ৰছৰ পৰা ৰেণ্ডেল কুলো ম্ৱানীয়ে এটা চমৎকাৰ হেডাৰেৰে গ’ল দিয়ে। ১-০ গ’লত আগবাঢ়ি যায় ফ্ৰান্স। চলিত ইউৰোৰ প্ৰথমাৰ্ধত ফৰাচী দলটোৱে প্ৰথমবাৰৰ বাবে গ’ল দিছে।

Apply Now

লগতে পঢ়কঃ গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি

এইবাৰৰ ইউৰোত স্পেইন যে অপ্ৰতিৰোধ্য সেই কথা প্ৰমাণ কৰিবলৈ বেছি সময় নালাগিল। ২১ মিনিটত স্পেইনে লেমিন ইয়ামালৰ চকু কপালত তুলিব পৰা গ’লেৰে সমতা স্থাপন কৰে। ১৬ বছৰীয়া কিশোৰজনে আলভাৰো মৰাটাৰ সহায়ত বাওঁ ভৰিৰে এটা দুৰ্দান্ত শ্বটেৰে ফ্ৰান্সৰ নেটকঁপাই তোলে।

কম সময়ৰ ভিতৰতে সমতালৈ ঘূৰি অহাৰ পিছতো স্পেইনৰ গ’লৰ প্ৰতি থকা ক্ষুধা অলপ কমি যোৱা নাছিল। ৪ মিনিটৰ পাছত স্পেনিছ দলটোৱে পুনৰ গ’ল দিয়ে। ডানি অলমোৰ গ’লেৰে লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ২-১ গ’লত অগ্ৰগতি লাভ কৰে। স্পেনিছ আক্ৰমণাত্মক মিডফিল্ডাৰ আৰু উইংগাৰগৰাকীয়ে ডি বক্সৰ মাজৰ পৰা ফ্ৰান্সৰ দুজন ডিফেণ্ডাৰৰ মাজেৰে শ্বট এটাৰে গ’ল দিয়ে। ইয়াৰ পিছত দুয়োটা দলে আৰু কিছু গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰে যদিও কোনেও গ’ল কৰিব নোৱাৰিলে। অৱশেষত স্পেইনে ২-১ গ’লত অগ্ৰগতি লাভ কৰি বিৰতিলৈ যায়।

লগতে পঢ়কঃ লণ্ডনত নিগাজিকৈ থাকিব নেকি বিৰাট-অনুষ্কা? অৱশেষত মৌনতা ভংগ বিৰাট কোহলীৰ…

দ্বিতীয়াৰ্ধত প্ৰতিযোগিতাখন কঠিন হ’বলৈ ধৰিলে। দুয়োটা দলে আক্ৰমণৰ চোক বৃদ্ধি কৰে। কিন্তু আক্ৰমণ বেছিভাগেই ফৰাচীসকলৰ ভৰিৰ পৰাই আহিছিল। ৫৩ মিনিটত অৰেলিয়েন চুয়োমেনিয়ে ওছুমানে ডেম্বলেৰ ক্ৰছৰ পৰা এটা ডাঙৰ হেডাৰ লয়। কিন্তু স্পেইনৰ গ’লৰক্ষক উনাই ছাইমনে তেওঁৰ শ্বটটো ৰক্ষা কৰে।

৩ মিনিটৰ পাছত এমবাপে আক্রমণলৈ আহে৷ এইবাৰ এণ্ড্ৰিয়ান ৰাবিয়াটৰ সহায়ত এমবাপেৰ শ্বটটো স্পেনিছ গ’লৰক্ষকে ব্যৰ্থ কৰে। ৬৩ মিনিটত ফ্ৰান্সে গ’ল দিয়াৰ আন এক সুযোগ সৃষ্টি কৰে। ৬ গজৰ বাকচৰ ভিতৰৰ পৰা দয়াত উপমেকানোৰ হেডাৰটো বাৰৰ ওপৰেৰে যায়। ডেম্বেলে তেওঁক কৰ্ণাৰৰ পৰা ক্ৰছ দিছিল।

৮৫ মিনিটত এমবাপে বলটো লৈ আগবাঢ়ি আহি বলটো গ’লৰ বহু ওপৰেৰে মাৰি পঠিয়ায়। ৮৯ মিনিটত স্পেইনে আন এটা আক্ৰমণ চলায়। অৱশ্যে ফ্ৰান্সৰ ডিফেণ্ডাৰসকলে সেয়া ব্লক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ বিৰাট বিপত্তি! নিশা ১.৩০ বজালৈ খোলা কোহলিৰ বাৰ, এজাহাৰ দাখিল আৰক্ষীৰ

ইয়াৰ পিছত স্পেইনে ৰক্ষণাত্মকভাৱে খেলখন সমাপ্ত কৰাৰ লক্ষ্য লৈছিল। লক্ষ্য আছিল কোনো ধৰণে আৰু গ’ল হজম কৰিব নোৱাৰি। স্পেইনৰ ডাউন প্লেৰ বাবে ফ্ৰান্সে আক্ৰমণৰ সুযোগ পাইছিল। শেষ মুহূৰ্তত এণ্টনিঅ’ গ্ৰীজমেনৰ হেডাৰটো ক্ৰছবাৰৰ ওপৰেৰে গৈছিল। কিছু সময়ৰ পাছত ৰেফাৰীয়ে শেষবাৰৰ বাবে হুইচেল বজাই দিলে। ফাইনেললৈ যোৱাৰ আনন্দত স্পেনিছ দলটোৱে উদযাপন নামি পৰিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd