যোৱা জানুৱাৰী মাহৰ এটা তথ্য, গাজাত প্ৰায় ১,৫৫,০০০ গৰাকী গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলা আছে। ৫,৫০০ গৰাকী মহিলাই যোৱা ফেব্ৰুৱাৰী মাহত সন্তান প্ৰসৱ কৰাৰ কথা। আৰু আজিৰ তাৰিখৰ তথ্য হ’ল, গাজাত মুঠ ৬৩,০০০ জন পেলেষ্টাইনীক হত্যা কৰা হ’ল। তাৰে প্ৰায় ১৮,০০০ শিশু আৰু মুঠ হত্যাৰ প্ৰায় 55 শতাংশ হ’ল মহিলা, যি সকলৰ স’তে যুদ্ধৰ কোনো সম্পৰ্ক নাছিল। এই যে ৬৩,০০০ জনক হত্যা কৰা হ’ল, সেয়াও মাত্ৰ ডেৰ বছৰৰ ভিতৰত। গাজাত হয়তো এটা নিউক্লীয়েৰ ব’ম পেলোৱা হ’লে ইমান মানুহেই মৰিল হেঁতেন। আৰু তেতিয়া হয়তো বিভিন্ন কাৰণ অজুহাতত নিৰৱ হৈ থকা অথবা বাচ-বিচাৰ কৰি থকা মানৱতাবাদী সকলৰো কিছু হায়ৈ-বিয়ৈ শুনিবলৈ পোৱা গ’ল হেঁতেন। এতিয়া হয়তো বহু মানৱতাবাদীৰ হৃদয় সেই বাবেই কঁপি উঠা নাই কাৰণ ডেৰ বছৰত দিনে দুজন- ছাৰিজনকে মাৰিহে গাজাত ৬৩,০০০ জনক হত্যা কৰা হ’ল।
আনফালে ইজৰাইল অথবা আমেৰিকাইও এটা নিউক্লীয়েৰ ব’ম পেলায়েই যুদ্ধ সামৰি থ’ব পাৰিলহেঁতেন। তেওঁলোকৰ নো ইমান দীঘলীয়াকৈ যুদ্ধৰ চাৰকাচ ৰচি মানুহ হত্যাৰ অভিলেখ গঢ়াৰ কি কাৰণ থাকিব পাৰে?কাৰণ এটাই- যুদ্ধ এতিয়া এক বিশুদ্ধ বেপাৰ। যিমান দীঘলী হ’ব লাভ সিমানেই ভাল, পুঁজিবাদৰ বাবে। পুঁজিবাদী সংকটৰ স’তে মোকাবিলা কৰিবলৈ দিনক দিনে যুদ্ধৰ আশ্ৰয় লোৱা প্ৰক্ৰিয়া ইমান সুলভ আৰু লেজিটিমাইজ কৰাই তুলিছে যে, এতিয়া আৰু যুদ্ধ লৈ যেন সাধাৰণ মানুহৰ বাবে প্ৰতিক্ৰিয়া কৰা কথা হৈ থকা নাই।
আনফালে মৰাশ লৈয়ো ব্যৱসায় কৰা পুঁজিবাদে শ্মশান আৰু ধ্বংস স্তূপত পৰিণত হোৱা গাজাত ৰিয়েল ষ্টেটৰ ব্যৱসায় কৰিবলৈ আছেই। নিউক্লীয়েৰ বম দিলে হয়তো ৫০ বছৰ তাত আৰু একো কৰিব নোৱাৰিব। কিন্তু এতিয়া যুদ্ধ শেষ কৰিয়েই, কালিলৈ পৰহিলৈ হত্যা লীলা সামৰিয়েই, মধ্যপ্ৰাচ্যৰ কুৱেট ডুবাইৰ দৰে গাজাটো চহৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰি দিব, লগতে বিভিন্ন ৰকমৰ ব্যৱসায় আছেই। এইবোৰৰ দ্বাৰা পুঁজিবাদে এই কথাকে প্ৰমাণ কৰিব বিচাৰে- আমি প্ৰয়োজনত কি দৰে এখন দেশক শ্মশান কৰি দিব পাৰোঁ। গতিকে সাৱধান। লগতে এই কথাও বিজ্ঞাপন চলাবলৈ নেৰিব যে এখন শ্মশানক পুঁজিবাদে কি দৰে ৱৈভৱ বিলাসৰ স্বৰ্গপুৰীলৈ পৰিবৰ্তন কৰিব পাৰে।
এইবোৰ ভাবি ভাবি ভয় নাখাও, কেতিয়াবা মাজে মাজে খালী নিৰাশ হওঁ, কাৰণ এতিয়াও আমি সাংঘাতিক ধৰণে অসংগঠিত, কেজুৱেল, প্ৰিভিলেইজ, আটাইতকৈ দুখ লগা কথাটো হ’ল- আচলতে আমাৰ ক্ৰাইচিচ ক’ত আমি গ’মেই নাপাওঁ, ফলত আমাৰ অৱস্থা যেন ক্ৰাইচিচহীন হৈ পৰে। বস্তুতঃ আমি সাংঘাতিক ৰকমে আত্মকেন্দ্ৰিক হৈ পৰোঁ, এই পৃথিৱীখন ৰসাতলে যোৱাক লৈ আমাৰ কোনো মতলব নাথাকে।
আমি কেতিয়াও সংযোগ বিচাৰি নাপাওঁ অথবা নাচাওঁ যে- আমাৰ দেশতো নেট্যানাহুৰ দৰেই শৰ্মা ৰজাই ৰাজত্ব কৰি আছে, যি বিনা কাৰণত মানুহ মাৰিছে, ঘৰ ভাঙিছে, দেশৰ সীমান্ত গৈ নাগৰিকক এৰি থৈ আহিছে, যি মন যায় তাকে নিজৰ ব্যক্তিগত সম্পদ কৰি তুলিছে, গছ কাটি তহিলং কৰিছে, মুখ খুলি কথা ক’লেই জেলত ভৰাই থৈছে, পাগলৰ দৰে অনবৰত আবুল-তাবুল বলকি দেশত চাৰকাচময় পৰিৱেশ সৃষ্ট কৰি ৰাখিছে। এইবোৰ অনুভৱ কৰি আমি সঁচাই এদিন দায়বদ্ধতাৰে কিবা এটা কৰিবলৈ সংগবদ্ধ হ’ম নে? সংগঠিত হোৱাৰ বাহিৰে যে কোনো নিস্তাৰ নাই সেই কথা অনুভৱ কৰিব পাৰিম নে? নে প্ৰত্যেক দিনাই হত্যালীলা চলাই থকা ইজৰাইলী দানৱে যোৱা কেইদিনমানৰ পূৰ্বে গাজাৰ এখন স্কুলত শৰনাৰ্থী হৈ থকা ৫০ জনক ব’ম দি হত্যা কৰাৰ দৰে দিন এটা আমাৰ ইয়ালৈকো অহালৈ আমি অপেক্ষা কৰিম?