• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

অচ্যুৎ মাধৱ দাস by অচ্যুৎ মাধৱ দাস
June 12, 2025 12:26 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচ্যুৎ মাধৱ দাস

যোৱা জানুৱাৰী মাহৰ এটা তথ্য, গাজাত প্ৰায় ১,৫৫,০০০ গৰাকী গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলা আছে। ৫,৫০০ গৰাকী মহিলাই যোৱা ফেব্ৰুৱাৰী মাহত সন্তান প্ৰসৱ কৰাৰ কথা। আৰু আজিৰ তাৰিখৰ তথ্য হ’ল, গাজাত মুঠ ৬৩,০০০ জন পেলেষ্টাইনীক হত্যা কৰা হ’ল। তাৰে প্ৰায় ১৮,০০০ শিশু আৰু মুঠ হত্যাৰ প্ৰায় 55 শতাংশ হ’ল মহিলা, যি সকলৰ স’তে যুদ্ধৰ কোনো সম্পৰ্ক নাছিল। এই যে ৬৩,০০০ জনক হত্যা কৰা হ’ল, সেয়াও মাত্ৰ ডেৰ বছৰৰ ভিতৰত। গাজাত হয়তো এটা নিউক্লীয়েৰ ব’ম পেলোৱা হ’লে ইমান মানুহেই মৰিল হেঁতেন। আৰু তেতিয়া হয়তো বিভিন্ন কাৰণ অজুহাতত নিৰৱ হৈ থকা অথবা বাচ-বিচাৰ কৰি থকা মানৱতাবাদী সকলৰো কিছু হায়ৈ-বিয়ৈ শুনিবলৈ পোৱা গ’ল হেঁতেন। এতিয়া হয়তো বহু মানৱতাবাদীৰ হৃদয় সেই বাবেই কঁপি উঠা নাই কাৰণ ডেৰ বছৰত দিনে দুজন- ছাৰিজনকে মাৰিহে গাজাত ৬৩,০০০ জনক হত্যা কৰা হ’ল।

Apply Now

আনফালে ইজৰাইল অথবা আমেৰিকাইও এটা নিউক্লীয়েৰ ব’ম পেলায়েই যুদ্ধ সামৰি থ’ব পাৰিলহেঁতেন। তেওঁলোকৰ নো ইমান দীঘলীয়াকৈ যুদ্ধৰ চাৰকাচ ৰচি মানুহ হত্যাৰ অভিলেখ গঢ়াৰ কি কাৰণ থাকিব পাৰে?কাৰণ এটাই- যুদ্ধ এতিয়া এক বিশুদ্ধ বেপাৰ। যিমান দীঘলী হ’ব লাভ সিমানেই ভাল, পুঁজিবাদৰ বাবে। পুঁজিবাদী সংকটৰ স’তে মোকাবিলা কৰিবলৈ দিনক দিনে যুদ্ধৰ আশ্ৰয় লোৱা প্ৰক্ৰিয়া ইমান সুলভ আৰু লেজিটিমাইজ কৰাই তুলিছে যে, এতিয়া আৰু যুদ্ধ লৈ যেন সাধাৰণ মানুহৰ বাবে প্ৰতিক্ৰিয়া কৰা কথা হৈ থকা নাই।

আনফালে মৰাশ লৈয়ো ব্যৱসায় কৰা পুঁজিবাদে শ্মশান আৰু ধ্বংস স্তূপত পৰিণত হোৱা গাজাত ৰিয়েল ষ্টেটৰ ব্যৱসায় কৰিবলৈ আছেই। নিউক্লীয়েৰ বম দিলে হয়তো ৫০ বছৰ তাত আৰু একো কৰিব নোৱাৰিব। কিন্তু এতিয়া যুদ্ধ শেষ কৰিয়েই, কালিলৈ পৰহিলৈ হত্যা লীলা সামৰিয়েই, মধ্যপ্ৰাচ্যৰ কুৱেট ডুবাইৰ দৰে গাজাটো চহৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰি দিব, লগতে বিভিন্ন ৰকমৰ ব্যৱসায় আছেই। এইবোৰৰ দ্বাৰা পুঁজিবাদে এই কথাকে প্ৰমাণ কৰিব বিচাৰে- আমি প্ৰয়োজনত কি দৰে এখন দেশক শ্মশান কৰি দিব পাৰোঁ। গতিকে সাৱধান। লগতে এই কথাও বিজ্ঞাপন চলাবলৈ নেৰিব যে এখন শ্মশানক পুঁজিবাদে কি দৰে ৱৈভৱ বিলাসৰ স্বৰ্গপুৰীলৈ পৰিবৰ্তন কৰিব পাৰে।

এইবোৰ ভাবি ভাবি ভয় নাখাও, কেতিয়াবা মাজে মাজে খালী নিৰাশ হওঁ, কাৰণ এতিয়াও আমি সাংঘাতিক ধৰণে অসংগঠিত, কেজুৱেল, প্ৰিভিলেইজ, আটাইতকৈ দুখ লগা কথাটো হ’ল- আচলতে আমাৰ ক্ৰাইচিচ ক’ত আমি গ’মেই নাপাওঁ, ফলত আমাৰ অৱস্থা যেন ক্ৰাইচিচহীন হৈ পৰে। বস্তুতঃ আমি সাংঘাতিক ৰকমে আত্মকেন্দ্ৰিক হৈ পৰোঁ, এই পৃথিৱীখন ৰসাতলে যোৱাক লৈ আমাৰ কোনো মতলব নাথাকে।

আমি কেতিয়াও সংযোগ বিচাৰি নাপাওঁ অথবা নাচাওঁ যে- আমাৰ দেশতো নেট্যানাহুৰ দৰেই শৰ্মা ৰজাই ৰাজত্ব কৰি আছে, যি বিনা কাৰণত মানুহ মাৰিছে, ঘৰ ভাঙিছে, দেশৰ সীমান্ত গৈ নাগৰিকক এৰি থৈ আহিছে, যি মন যায় তাকে নিজৰ ব্যক্তিগত সম্পদ কৰি তুলিছে, গছ কাটি তহিলং কৰিছে, মুখ খুলি কথা ক’লেই জেলত ভৰাই থৈছে, পাগলৰ দৰে অনবৰত আবুল-তাবুল বলকি দেশত চাৰকাচময় পৰিৱেশ সৃষ্ট কৰি ৰাখিছে। এইবোৰ অনুভৱ কৰি আমি সঁচাই এদিন দায়বদ্ধতাৰে কিবা এটা কৰিবলৈ সংগবদ্ধ হ’ম নে? সংগঠিত হোৱাৰ বাহিৰে যে কোনো নিস্তাৰ নাই সেই কথা অনুভৱ কৰিব পাৰিম নে? নে প্ৰত্যেক দিনাই হত্যালীলা চলাই থকা ইজৰাইলী দানৱে যোৱা কেইদিনমানৰ পূৰ্বে গাজাৰ এখন স্কুলত শৰনাৰ্থী হৈ থকা ৫০ জনক ব’ম দি হত্যা কৰাৰ দৰে দিন এটা আমাৰ ইয়ালৈকো অহালৈ আমি অপেক্ষা কৰিম?

Tags: AntiImperialismCapitalismGazaGenocideGlobalConscienceHumanRightsIsraelPalestineConflictMiddleEastCrisisPalestineStandWithGazaWarEconomy
অচ্যুৎ মাধৱ দাস

অচ্যুৎ মাধৱ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd