গাজাত চৰম মানৱীয় সংকট! বন্ধ হৈ পৰিল একমাত্ৰ কেন্সাৰ হাস্পাতালখনো

ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ দীৰ্ঘদিনীয়া অৱৰোধৰ ফলত ইন্ধনৰ নাটনিৰ বাবে অৱৰুদ্ধ পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ একমাত্ৰ কৰ্কট চিকিৎসালয়খন বন্ধ হৈ পৰিছে। বুধবাৰে চিকিৎসালয়খন বন্ধ কৰি দিয়া হয়। ইয়াৰ পৰিণতিত অৱৰুদ্ধ উপত্যকাটোত মানৱীয় সংকট অধিক আৰু চৰম সীমাত উপনীত হ’ল।

ইজৰাইলে প্ৰায় এমাহ ধৰি গাজা সম্পূৰ্ণ অৱৰোধ কৰি ৰাখিছে। ফলত এই ভূখণ্ডৰ স্বাস্থ্যসেৱা ভাবুকিৰ সন্মুখীন হৈছে।

আল জাজিৰাৰ বাতৰি অনুসৰি, পেলেষ্টাইনৰ স্বাস্থ্য কৰ্তৃপক্ষই কয় যে ইজৰাইলৰ অব্যাহত থকা অৱৰোধৰ মাজতে ইন্ধন শেষ হোৱাৰ বাবে এই অঞ্চলৰ একমাত্ৰ কৰ্কট চিকিৎসালয়খন বন্ধ হৈ গৈছে।

কোৱা হৈছে যে ইজৰাইলৰ গাজা অৱৰোধৰ ফলত ইন্ধনৰ যোগান বন্ধ হৈ পৰিছে আৰু খাদ্য, পানী আৰু বিদ্যুতৰ যোগান সংঘাতিকভাৱে সীমিত হৈছে। ফলত গাজাৰ চিকিৎসালয়সমূহত এতিয়া ইজৰাইলৰ আক্ৰমণৰ ফলত মৃত আৰু আহত লোকৰ ভিৰ হৈছে আৰু ইন্ধনকে ধৰি বিভিন্ন সংকটে চিকিৎসা কৰ্মীৰ ওপৰত বিপুল চাপৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ World Cup 2023 Points Table: অংক হৈ পৰিছে জংক পংক! ভাৰতক অতিক্ৰমি পুনৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা; নিউজিলেণ্ডৰ পৰাজয়ে সুযোগ আনি দিছে পাকিস্তানক

বুধবাৰে এখন সংবাদমেলত তুৰ্কী-পেলেষ্টাইন ফ্ৰেণ্ডশ্বিপ হাস্পতালৰ সঞ্চালক ছুভি ছুচেকে কয় যে চিকিৎসালয়খন এতিয়া আৰু কাৰ্যক্ষম নহয়।

তেওঁ কয় যে ‘আমি বিশ্বক কওঁ, চিকিৎসালয়ক সেৱাৰ পৰা আঁতৰাই ৰাখি কেন্সাৰ ৰোগীক নিশ্চিত মৃত্যুৰ দিশে ঠেলি নিদিব’।

তুৰ্কী-পেলেষ্টাইনী ফ্ৰেণ্ডশ্বিপ হাস্পাতাল বন্ধ হোৱাৰ পিছত এতিয়া গাজা ষ্ট্ৰিপৰ ৩৫খন চিকিৎসালয়ৰ ভিতৰত ১৬খন চিকিৎসালয়েই বন্ধ হৈ পৰিল। ইয়াৰ উপৰিও গাজাৰ ৭২টা প্ৰাথমিক স্বাস্থ্যসেৱা ক্লিনিকৰ ভিতৰত ৫০টাতকৈও অধিক ক্লিনিক এতিয়া বন্ধ হৈ আছে।

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰী মাই আল-কাইলাই এক বিবৃতিত কয় যে সেৱা বন্ধ হোৱাৰ বাবে চিকিৎসালয়খনৰ ভিতৰত চিকিৎসাধীন হৈ থকা ৭০ জন কৰ্কট ৰোগীৰ জীৱনলৈ গুৰুতৰ ভাবুকি আহিছে।

লগতে পঢ়কঃযুদ্ধ নহয় শান্তি লাগে : গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন বাওঁপন্থী সংগঠনৰ

বিশ্ব স্বাস্থ্যৰ মুখপাত্ৰ তাৰিক জাছাৰেভিচে আল জাজিৰাক কয়, ‘’যদিহে চিকিৎসালয়সমূহ খোলা নাথাকে তেন্তে গাজাৰ হাজাৰ হাজাৰ ৰোগীৰ জীৱন-মৃত্যুৰ দিশে আগবাঢ়িব। কৰ্কট ৰোগীৰ স্বাস্থ্য ইতিমধ্যে ভাঙি পৰিছে। যদি তেওঁলোকে প্ৰয়োজনীয় চিকিৎসা নাপায় তেন্তে তেওঁলোকৰ বাবে এইটো মৃত্যুদণ্ড।”