• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ নহয় শান্তি লাগে : গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন বাওঁপন্থী সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2023 6:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত ইজৰাইলৰ গণহত্যা বন্ধ কৰা, পেলেষ্টাইনবাসীলৈ মানৱীয় সাহায্য নিশ্চিত কৰা, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা আদি দাবীৰ প্ৰতি সংহতি জনাই ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই), চি আই টি ইউ,অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে (এ কে এছ ইউ) যৌথভাৱে আজি গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন কৰে ৷ 

সংগঠনসমূহৰ শতাধিক কৰ্মকৰ্তাই দিনৰ ১১ বজাত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত সমৱেত হৈ ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ’ নামত ইজৰাইলে আমেৰিকা সাম্ৰাজ্যবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পেলেষ্টাইনত যি ৰক্তক্ষয়ী আক্ৰমণ চলাই নিছে তাক ধিক্কাৰ দি ধ্বনি দিয়াৰ লগতে অনতিপলমে পেলেষ্টাইনৰ নিৰিহ জনতাৰ হত্যাকাণ্ড বন্ধ কৰাৰ দাবী জনায় ৷ 

Apply Now

প্ৰতিবাদকাৰী সকলক সম্বোধন কৰি বৰ্ষীয়ান ৰাজনীতিবিদ উদ্ধৱ বৰ্মনে কয় যে ভাৰতবৰ্ষই আৰম্ভণিৰে পৰাই পেলেষ্টাইনৰ জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ পক্ষে দৃঢ়তাৰে থিয় দি আহিছিল যদিও বৰ্তমানৰ মোডী চৰকাৰে আমেৰিকাৰ সাম্ৰাজ্যবাদৰ কনিষ্ঠ সহযোগী হ’বলৈ গৈ দেশৰ স্বাধীন বৈদেশিক নীতি জলাঞ্জলী দি ইজৰাইলৰ পক্ষহে লোৱা পৰিলক্ষিত হৈছে ৷ তাৰেই প্ৰতিফলন মানৱীয় যুদ্ধ বিৰতিৰ  বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱত ভাৰতৰ ভোটদানৰ পৰা বিৰত থকা ৷ গাজাত ইজৰাইলৰ বিধ্বংসী আক্ৰমনৰ মূল লক্ষ্য সাধাৰণ নিৰিহ জনতা আৰু শিশু সকল ৷ এই ৰক্তক্ষয়ী আগ্ৰাসনৰ বিৰুদ্ধে সকলো শান্তিপ্ৰিয় লোক গৰ্জি উঠা প্ৰয়োজন ৷ লগতে বৰ্তমানৰ মোডী চৰকাৰে গ্ৰহণ কৰা স্থিতিকো তেওঁ কঠোৰ ভাষাৰে নিন্দা কৰে ৷ 

চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ পক্ষৰ পৰা পেলেষ্টাইন সংহতি দিৱসৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি কয় যে ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ’ নামত গাজাত নিৰ্বিচাৰে নিৰিহ লোকৰ তেজেৰে ফাঁকু খেলা ইজৰাইল আমেৰিকা সাম্ৰাজ্যবাদৰ সমৰ্থনপুষ্ট এক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ ৷ আমাৰ দেশৰ চৰকাৰে পৰিচালনা কৰা বিজেপি দলে এই আগ্ৰাসনক মুছলিম বিদ্বেষ সম্প্ৰসাৰিত কৰাৰ কুৎচিত প্ৰয়াস চলাইছে ৷ পেলেষ্টাইনৰ জনসাধাৰণে নিজ ভূখণ্ডতে বন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ প্ৰতিবাদকাৰী সকলৰ সন্মূখত বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা শতঞ্জীৱ দাস, চি আই টি ইউৰ অসম ৰাজ্যিক সম্পাদক তপন শৰ্মা, এছ এফ আইৰ ৰাজ্যিক সম্পাদক  সংগীতা দাস, অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন  দাস, অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই বক্তব্য আগবঢ়ায় ৷ 

উল্লেখ্য যে গুৱাহাটীৰ উপৰিও বঙাইগাঁও, বিজনী, বিশ্বনাথ চাৰিআলি, যোৰহাট, সৰুক্ষেত্ৰী, ৰঙিয়া, ডিব্ৰুগড় আদি ৰাজ্যখনৰ বিভিন্ন স্থানত সংগঠনকেইটাৰ উদ্যোগত পেলেষ্টাইন সংহতি দিৱস পালন কৰা হয় ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd