বৰ্তমান সময়ত বন্যপ্ৰাণী আৰু পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকি আৰু সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৯ নৱেম্বৰ ২০২৪ তাৰিখে চৌহদত “বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ ” মুকলি কৰি এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। ১৯ আৰু ২০ নবেম্বৰ তাৰিখ , দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদ ,নাগৰিক সমাজৰ সংগঠন, আৰু চৰকাৰৰ ভালে সংখ্যক সন্মানীয় বক্তাৰ লগতে বিভিন্ন অংশগ্ৰহণকাৰী l
শ্ৰীমন্ত শঙ্কৰ একাডেমি চছাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ আৰম্ভনি ভাষণেৰে আৰম্ভ হোৱা সভাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য অধ্যাপক জয়ন্ত ডেকাই এই অধ্যয়ন কেন্দ্ৰটিৰ মুকলি কৰা সন্দৰ্ভত বিস্তৃত ভাষণ ৰাখে। তাৰ পাছত ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয় ব’ৰ্ড অৱ স্কুল এডুকেশ্যনৰ অধ্যক্ষ তথা শ্বিলঙৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক চি.পি. মৰাক । মৰাকে বৰ্তমান ধংসৰ গৰাহলৈ যোৱা বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অধ্যয়ন, প্ৰশিক্ষণ, গৱেষণাৰ দ্বাৰা সংৰক্ষণ আৰু জন সচেতনতা গঢ়ি তোলা ইত্যাদি বিষয়ক প্ৰধানত হিচাপে লৈ বিশ্ববিদ্যালয়ে মুকলি কৰা অধ্যয়ন কেন্দ্ৰটোৰ উদ্দেশ্য আৰু গুৰুত্বক স্পষ্টকৈ উল্লেখ কৰি শলাগ লয় । অনুষ্ঠানত বন্য প্ৰাণী বেচৰকাৰী সংস্থা “আৰণ্যক ” আৰু ” নৰ্থ ইষ্ট কেন এণ্ড বেম্ব‘ ডেভেলপমেন্ট কাউন্সিল” ৰ সৈতেও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে বুজা বুজিৰ চুক্তি পত্ৰত স্বাক্ষৰিত কৰে।
উক্ত সভাখনত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ ডীন একাডেমীক অধ্যাপক ড.অমৰ শইকীয়াই।
সদ্য উন্মোচিত এই বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰটো বহুবিষয়ক কেন্দ্ৰ হিচাপে ডিজাইন কৰা হৈছে যিয়ে ছাত্ৰ-ছাত্ৰী, অধ্যাপক, গৱেষক, তৃণমূল পৰ্যায়ৰ সংস্থা, সম্প্ৰদায়ৰ অংশীদাৰ আৰু চৰকাৰী সংস্থাসমূহক একত্ৰিত কৰি বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষা আৰু বহনক্ষমতাৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা, প্ৰশিক্ষণ আৰু সজাগতা প্ৰদান কৰি সকলোকে লাভান্বিত কৰিব। ইয়াৰ লক্ষ্য হৈছে এই বিষয় সমূহ বুজি উঠিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে উপযুক্তকৈ প্ৰজন্মক প্ৰস্তুত কৰা l নতুন কেন্দ্ৰটোৱে গৱেষণাৰ উৎকৃষ্টতাক প্ৰসাৰ কৰা, আন্তঃশাখা সহযোগিতাক লাভান্বিত কৰা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাকে ধৰি কেইবাটাও মূল লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদসকলৰ আলোচনা, বিশেষজ্ঞসকলৰ মাজত পেনেল আলোচনা হোৱাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চতৰ মাধ্যমিক আৰু তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বন্যপ্ৰাণী ফটোগ্ৰাফীৰ প্ৰতিযোগিতা, ভিডিঅ‘গ্ৰাফী আৰু পোষ্টাৰ আৰ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষ্যে ২০ নৱেম্বৰত নেচাৰ্চ বেকনৰ প্ৰখ্যাত প্ৰকৃতিবিদ সৌম্যদীপ দত্তই ‘বন্য চৰাই আৰু ইয়াৰ সংৰক্ষণ’ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব। ইয়াৰ উপৰিও পৰিৱেশ সংৰক্ষণৰ কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত হব l তাৰ পিছত বন্যপ্ৰাণী তথ্যচিত্ৰৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।