NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এছিয়াৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সন্মিলন

January 22, 2025 7:18 pm · এন ই নাও নিউজ, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ২১ জানুৱাৰী ২০২৫ তাৰিখ,মঙলবাৰে বিশ্ববিদ্যালয় চৌহদত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পিভটছৰ আন্তৰ্জাতিক সন্মিলনৰ প্ৰথম দিনটো সফলতাৰে অনুষ্ঠিত কৰে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ হিউমেনিটিজৰ এন্ড ছচিয়েল ছায়েন্স বিভাগৰ  সহযোগত মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ হিউমেনিটিজ, মস্কো, ৰাছিয়ান একাডেমী অৱ চাইন্সৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ষ্টাডিজ, প্ৰাইমাকভ ইনষ্টিটিউট অৱ ৱৰ্ল্ড ইকনমি এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেচনছ, মস্কো, আৰু ইৰাকৰ কুট ইউনিভাৰ্চিটি কলেজে এই সন্মিলনখন আয়োজন কৰে l  উক্ত সন্মিলনে ভাৰত আৰু ৰাছিয়াৰ ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কক প্ৰতিনিধিত্ব কৰে।

২১ আৰু ২২ জানুৱাৰী ২০২৫ তাৰিখ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনত এছিয়াৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক বিশেষজ্ঞ আৰু বুদ্ধিজীৱীসকলে অংশগ্ৰহণ  কৰাৰ উপৰিও  ৰাছিয়া, ইজৰাইল, ইৰাক আৰু উজবেকিস্তানৰ অতিথিসকলে অংশ লয় । সন্মিলনখনৰ সহ-আয়োজক হৈছে মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ হিউমেনিটিজৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সন্মানীয় ভাইচ ৰেক্টৰ ড০ ভেৰা জাবটকিনা।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মিলনৰ আহ্বায়ক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা ড০ এনিশা বৰদলৈয়ে প্ৰথম দিনা অৰ্থাৎ ২১ জানুৱাৰী তাৰিখে সন্মিলনৰ উদ্দেশ্য আৰু মূল বিষয়বস্তুসমূহ চমুকৈ বক্তব্য ৰাখি কাৰ্যসূচী আৰম্ভ কৰে।  শ্ৰীমন্ত শংকৰ একাডেমী ছচাইটিৰ সভাপতি শ্ৰীযুত যশোদা ৰঞ্জন দাসে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক উষ্ম আদৰণি জনায়। বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য্য  অধ্যাপক জয়ন্ত ডেকাই প্ৰাচীন আৰু মধ্যযুগীয় কালত এছিয়াৰ আধিপত্য থকা ঐতিহাসিক প্ৰেক্ষাপট, আৰু শেহতীয়াকৈ  ইয়াৰ পুনৰুত্থানৰ ওপৰত আলোকপাত কৰে। সন্মানীয় উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে ৰাছিয়া, ইৰাক, উজবেকিস্তান আৰু মালয়েছিয়াৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ  এই বৃহৎ প্যান-এছিয়ান সন্মিলন অনুষ্ঠিত কৰিব পাৰি সন্তুষ্টি প্ৰকাশ কৰে।

অনুষ্ঠানত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ অৰূপজ্যোতি চৌধুৰী আৰু অৰুণাচল প্ৰদেশৰ ইন্দিৰা গান্ধী প্ৰযুক্তি আৰু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সিদ্ধাৰ্থ শংকৰ উপস্থিত থাকে।  বিশ্বজনীন শক্তি আৰু প্ৰভাৱ বৃদ্ধিৰ দিশত ভাৰত আৰু অন্যান্য এছিয়ান ৰাষ্ট্ৰৰ মাজত ব্যাপক সহযোগিতাৰ সম্ভাৱ্য লাভৰ বিষয়ে দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ দৃষ্টিভংগী দাঙি ধৰে।

উদ্বোধনী অধিৱেশনত ড০ ভেৰা জাবোটকিনাই সন্মানীয় অতিথি আৰু সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ উদ্দেশ্যে  আদৰণি ভাষণ ৰাখে । বিশিষ্ট পদ্মশ্ৰী বঁটা বিজয়ী মস্কোৰ ভাৰতীয় অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা তাটিয়ানা শৌমিয়ানে ‘মাল্টিপলাৰ বিশ্বত ভাৰত আৰু ৰাছিয়া শীৰ্ষক ভাষণ প্ৰদান কৰে। উজবেকিস্তানৰ ডিনভ ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড পেডাগজিৰ প্ৰ-ৰেক্টৰ ড০ সৌলিখা আল্লায়াৰোভাই ভাৰত আৰু বিশেষকৈ উজবেকিস্তানৰ  আৰু মধ্য এছিয়াৰ মাজত দলং নিৰ্মাণ আৰু অধিক সহযোগিতা প্ৰসাৰিত কৰাৰ বিষয়ে কয়।

এছিয়াৰ অন্যান্য প্ৰান্তৰ পৰা অহা বক্তাসকলৰ ভিতৰত আছিল মস্কোৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ষ্টাডিজ  প্ৰতিষ্ঠানৰ বিশিষ্ট পণ্ডিত অধ্যাপক আলেকজেণ্ডাৰ ষ্টলিয়াৰভ, উজবেকিস্তানৰ তাছকেন্দৰ বিশিষ্ট বৈদেশিক নীতি বিশ্লেষক অধ্যাপিকা নিবেদিতা দাস কুণ্ডু, ইৰাকৰ কুট ইউনিভাৰ্চিটি কলেজৰ ভাষা বিভাগৰ ইংৰাজীৰ মুৰব্বী অধ্যাপক ড০ মুথানা হামিদ খালাফ, আৰু ৰাছিয়াৰ ছোচিৰ  ছিৰিয়াছ বিশ্ববিদ্যালয়ৰ পৰা ড° আন্দ্ৰেই কনকভ ।  ভাৰতৰ পৰা উপস্থিত থকা ছিকিম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ ডীন অধ্যাপক ভি কৃষ্ণ অনন্তই দক্ষিণ এছিয়াৰ দৃষ্টিকোণৰ পৰা আধুনিকতা, উদ্যোগীকৰণ আৰু গণতন্ত্ৰৰ ওপৰত বহুমূলীয়া  ভাষণ দাঙি ধৰে।

উদ্বোধনী অনুষ্ঠানৰ পিছত  সমান্তৰালকৈ কেইবাটাও  অধিৱেশন অনুষ্ঠিত হয়, যত পণ্ডিতসকলে এছিয়াৰ ৰাজনীতি, সংস্কৃতি আৰু অৰ্থনীতিৰ বিভিন্ন মাত্ৰাৰ ওপৰত এক পৰিসৰৰ দৃষ্টিকোণৰ পৰা নিজৰ গৱেষণা পত্ৰ উপস্থাপন কৰে। সন্মিলনৰ প্ৰথম দিনটো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ  গীত আৰু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰে সমাপ্ত হয়।

Related News