• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এটা পেলনীয়া ফোন আৰু পত্নীয়ে তোলা এখন ছেলফীয়েই কাল হ’ল মাওবাদী নেতা জয়ৰাম ৰেড্ডীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2025 8:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা পেলনীয়া ফোন। তাত লোৱা এখন ছেলফী। আৰু এই ছবিখনৰ ৰহস্য প্ৰকাশ পোৱাৰ লগে লগে মাওবাদী নেতা জয়ৰাম ৰেড্ডী ওৰফে চলপতি যৌথ বাহিনীৰ জালত ধৰা পৰিল। ছত্তীশগড়-ওড়িশা সীমান্তত সোমবাৰৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত নিহত হোৱা ২০ জন মাওবাদীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নাম হৈছে চলপতি। পুলিচে তেওঁৰ মূৰত এক কোটি টকাৰ মূল্য বান্ধি দিছিল।

এই ছবি-কাহিনীটো যিমানেই ৰোমাঞ্চকৰ সিমানেই অপাৰেচনটোও নিষ্ঠুৰ। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যিটো ফোনৰ পৰা এই ছেলফী উদ্ধাৰ কৰা হৈছে, সেই চেলফোনটো আচলতে চলিপতিৰ পত্নী অৰুণাৰ। অৰুণা এটা ছদ্মনাম। প্ৰকৃত নাম চৈতন্য ভেংকটা ৰবি। তেওঁ অন্ধ্ৰ-ওড়িশা সীমান্তত সক্ৰিয় মাওবাদী গোটৰ বিশেষ খণ্ড সমিতিৰ উপ-সেনাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১৬ চনত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল তেওঁৰ পৰিত্যক্ত ফোনটো। তাত চলিপতিৰ সৈতে লোৱা অৰুণাৰ ছেলফী দেখি সেনাই ফান্দ পাতিবলৈ আৰম্ভ কৰে।

Apply Now

চলপতিৰ তদন্তৰ সময়তে আৰক্ষীয়ে জানিব পাৰে যে ২০০৮ চনত ওড়িশাৰ নয়াগড়ত সেনা জোৱান আৰু মাওবাদীৰ মাজত সংঘৰ্ষত ১৪ জন জোৱানৰ প্ৰাণ হেৰুৱাই সেনা জোৱান আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ মাষ্টাৰমাইণ্ডো আছিল চলপতি। নয়াগড়ৰ আৰক্ষী অস্ত্ৰ কাৰখানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন কৰি মাওবাদীক পলায়ন কৰাত সহায় কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৃত মাওবাদী নেতাজনে নিখুঁতভাৱে পৰিকল্পনা কৰিছিল যে কেনেকৈ আৰক্ষীয়ে বৃহৎ গছ-গছনিৰে পথ অৱৰোধ কৰি সেই স্থানত উপস্থিত হ’ব নোৱাৰিব।

এই সকলোবোৰ কৌশলগত দক্ষতা, নেতৃত্বৰ ক্ষমতাৰে চলপতি মাওবাদী গোটৰ সন্মুখৰ নেতা হৈ পৰিল। যোৱা বছৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিদ্ৰোহৰ খবৰ আহিছিল। কিছুদিন পূৰ্বে আৰক্ষীয়ে গৰিয়াবন্দ-ওড়িশা সীমান্তত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল।

এই তথ্য পোৱাৰ লগে লগে চি আৰ পি এফ, কোব্ৰা কমাণ্ডোছ, আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ যৌথ নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়-ওড়িশা সীমান্তৱৰ্তী অঞ্চলৰ মইনপুৰ থানা এলেকাত তালাচী চলায়। সোমবাৰে নিশা সেই জংঘল অঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। যিটো মঙলবাৰে পুৱালৈকে চলি থাকে। মাওবাদীক নিৰ্মূলৰ বাবে গঠন কৰা বিশেষ কোব্ৰা বাহিনীৰ এজন অধিনায়ক বন্দুকৰ যুঁজত আহত হয়। আনহাতে ২০ জন মাওবাদী উগ্ৰপন্থীয়ে প্ৰাণ হেৰুৱালে। এই তালিকাৰ অন্যতম নাম আছিল জয়ৰাম ৰেড্ডী ওৰফে ‘চলপতি’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd