বিজ্ঞানমনষ্কতা প্ৰসাৰৰ লক্ষ্য: ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সাধাৰণ সভা অনুষ্ঠিত
সাধাৰণ লোকৰ মাজত বিজ্ঞানমনষ্কতা প্ৰসাৰৰ লক্ষ্যৰে সজাগতামূলক কৰি অহা ৰাজ্যৰ অন্যতম প্ৰগতিশীল অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ এখন সাধাৰণ সভা শুকুৰবাৰে অনুষ্ঠিত হয়।
শাখাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক শেৱালী দাস হাজৰিকা আৰু পম্পী শইকীয়াৰ লগতে কাবেৰী ডেকা নাথৰ নেতৃত্বত পৰিবেশিত মঞ্চৰ শীৰ্ষ-সংগীতটিৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে শাখাটিৰ সম্পাদক প্ৰজিত নাথে।
শাখাৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই সভাপতিত্ব কৰা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই পদ্মশ্ৰী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰ শ্বহীদ হোৱা দিনটোত পালন কৰা ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱসৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছিল।
এই প্ৰতিযোগিতাত বিজয়ী ১৬ খন শিক্ষানুষ্ঠানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহলৈ গৈ বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সভাত সিদ্ধান্ত লোৱা হয়।
উক্ত সভাত উপস্থিত থাকি বিভিন্ন দিশত সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ আগবঢ়ায় শাখাৰ সহকাৰী সম্পাদক নাজমল হুছেইন ভূঞা, উপদেষ্টা ক্ৰমে অধিবক্তা থানেশ্বৰ নাথ, অমিতাভ চৌধুৰী আৰু ৰেৱতী মোহন দাসৰ লগতে প্ৰেমানন্দ নাথে।
আজিৰ সভাত ইলোৰা বিজ্ঞান মঞ্চৰ সদস্যপদ গ্ৰহণ কৰে ৰিতিক কৰন আৰু আজগৰ আলীয়ে।
ইয়াৰ উপৰিও সভাত উপস্থিত থাকি ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ আজীৱন সদস্য হোৱাৰ কেইবাবছৰৰো আগেয়েই মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰা তপন ভাৱালে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।