আমবাৰীত চলি আছে সাধাৰণ পৰিষদৰ সভা : সিদ্ধান্ত হ’ব প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ত

prafulla-kumar

প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

যোৱা ১৩ মে’ত বিধায়িনী দলৰ বৈঠক আৰু ১৪ মে’ত বৰ্ধিত কাৰ্য্য নিৰ্বাহক বৈঠকৰ পাছতে আজি আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ আছে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা। এই সভাতে চূড়ান্ত হ’ব অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নিৰ্বাচনৰ পূৰ্বে কৰা ‘দল বিৰোধী’ কাৰ্য্যৰ ‘চূড়ান্ত সিদ্ধান্ত’।

মঙলবাৰৰ বৰ্ধিত কাৰ্য নিৰ্বাহক বৈঠকৰ পাছতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাই।

‘এই বিষয়টো কাৰ্য্য নিৰ্বাহকত আলোচনা হৈছিল। সাধাৰণ পৰিষদত বিষয়টো উত্থাপন হ’ব। তেওঁৰ পৰা উত্তৰ জানিব বিচৰাত বিষয়টো তেওঁ নিজে স্পষ্ট কৰিছে। তেওঁ যিখিনি কথা কৈছে সেইখিনিৰ ওপৰতো আলোচনা হ’ব। আলোচনাৰ পাছত সাধাৰণ পৰিষদৰ সিদ্ধান্তই মূল সিদ্ধান্ত হ’ব’। প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিতে বৈঠকত এই প্ৰসংগই স্থান পোৱা বুলি জানিবলৈ দি সাংবাদিকৰ আগত এইদৰে কয় কলিতাই।

উল্লেখ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে নিজে ভোটদানৰ পৰা বিৰত থকাৰ লগতে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা নাছিল। ইয়াৰ উপৰি কেব বিৰোধী শক্তিক ভোট দিবলৈ আহ্বান জনাইছিল। এই প্ৰসংগত আজি বিস্তৃত ৰূপত আলোচনা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, মঙলবাৰৰ বৈঠকত উপস্থিত থকা মহন্তক কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয়, ‘অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব। অনুশাসন ভংগ কৰা হেঁতেন মিডিয়াত ওলাল হেঁতেন’।

আনহাতে, পূৰ্বতে অগপ-বিজেপিৰ মিত্ৰতাক ক্ষুৰধাৰ সমালোচনা কৰা মহন্তই এই সন্দৰ্ভত ‘সংবাদ মাধ্যমৰ আগত নকওঁ’ বুলিহে মন্তব্য কৰিছিল।

আনহাতে, কিছুমান জিলা পৰ্য্যায়ৰ অগপ সদস্যই দল বিৰোধী কাৰ্য্যত নিৰ্বাচনৰ সময়ত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কমলা কলিতাই কয় ‘এই সম্পৰ্কে যিসমূহ প্ৰতিবেদন লাভ কৰা হৈছে সেই সমূহৰ ওপৰত পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘

উল্লেখ্য যে, বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি অগপৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য হৰেশ ভূঞা, প্ৰণৱ গোস্বামী, বীৰেন শৰ্মাৰ উপৰি বহুতো নেতা ইতিমধ্যে দলৰ পৰা বহিষ্কৃত হ’ব লগীয়া হৈছে।