ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Flood in Assam

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত সৃষ্টি কৰিলে ভয়াৱহ পৰিস্থিতিৰ। প্ৰলয়ংকাৰী বানে জুৰুলা কৰি তুলিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বৰ্তমান বান পৰিস্থিতি কিছু শাম কাটিলেও কিছু কিছু স্থান এতিয়াও বানত ডুব গৈ আছে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে এক হাজাৰ কোটি টকা ধাৰ লোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি অসম চৰকাৰৰ পুঁজি মজুত আছিল বুলি দাবী কৰিছিল।

কিন্তু পৰ্যাপ্ত ধন থকা বুলি দাবী কৰি এতিয়া চৰকাৰে পুনৰ হাজাৰ কোটি টকা ধাৰ লৈ বানপীড়িতক ক্ষতিপূৰণ দিবলৈ সাজু হোৱা চৰকাৰৰ এই মিথ্যাচাৰিতাৰ বাবে কঠোৰ সমালোচনাৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰৰ এই মিথ্যাচাৰিতাৰ বাবে সমালোচনা কৰিছে আঞ্চলিক গণ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়া আৰু ইয়ং আছামৰ আহ্বায়ক সুব্ৰত তালুকদাৰে।

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে বুলি অভিযোগ কৰিছে চেতিয়াই। তেওঁ কয় সাংসদ অজিত ভূঞা সমন্বিতে ভবানীপুৰলৈ যোৱা সঁজাতি দলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি বিজেপিয়ে এতিয়া সংগতিহীন কথা কৈ আছে।

যদি চৰকাৰৰ হাতত পৰ্যাপ্ত পইচা আছেই তেনেহ’লে পুনৰ ১০০০ কোটি টকা বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ কিয় ধাৰ লব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰণৱ জ্যোতি চেতিয়াই।

চেতিয়াই কয় যে সঁজাতি দলটোৱে ভবানীপুৰ আৰু ৰহাৰ কেইবাটাও শিবিৰ ভ্ৰমণ কৰাৰ সময়ত এই শিবিৰ সমূহত চৰকাৰী নিয়ম অনুসৰি ৰিলিফ পোৱা নাই বুলি অভিযোগ প্ৰমাণিত হৈছিল। আনহাতে বিজেপিয়ে এচি ৰুমৰ পৰা প্ৰেছ মিট পাতি কৈ আছে যে ৰাইজে সাহায্য পাইছে।

ইয়ং আছামৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয় “আমি নিজ চকুৰে বানাক্ৰান্ত ৰাইজে ৰিলিফ নোপোৱা দেখিছো। বিভিন্ন বাতৰি কাকততো সময়ে সময়ে ৰিলিফ নোপোৱাৰ বাতৰি আহিয়ে আছে।আনহাতে বিজেপিয়ে এচি ৰুমৰ পৰা প্ৰেছ মিট পাতি কৈ আছে যে ৰাইজে সাহায্য পাইছে।”

“বিজেপিয়ে বাৰে বাৰে SDRF পুঁজিৰ কথা কৈ আছে। কিন্তু তেওঁলোকে NDRF পুঁজিৰ কথা কিয় নকয়? চৰকাৰে গোকাট মিছা কথা এটা কৈছে যে SDRF পুঁজি পৰ্যাপ্ত আছে, সেইকাৰণে পুঁজি প্ৰয়োজন হোৱা নাই। তেন্তে ১০০০ কোটি কি কাৰণে ধাৰ লব বিচাৰিছে?”

অসম চৰকাৰলৈ প্ৰশ্ন তুলি সুব্ৰত তালুকদাৰে কয় যে যদি পৰ্যাপ্ত পুঁজি আছেই তেন্তে ২০২০-২১ চনত ২৬৪২ কোটি আৰু ২০২১-২২ চনত ১০১৮ কোটি টকা কেন্দ্রীয় চৰকাৰক কিয় বিচাৰিছে? হাজাৰ হাজাৰ কোটি টকা বিচাৰি যে মাত্র ৫১ কৌটি আৰু ৪৫ কৌটি টকা পাইছে সেই কথাটো কিয় ৰাজহুৱা নকৰে বিজেপিয়ে?

এতিয়া যাতে বিজেপি চৰকাৰ ৰাইজৰ ক্ষোভৰ বলি নহয়, তাৰ বাবে বাধ্যত পৰি ইতিমধ্যেই ১ লাখ ১০ হাজাৰ কোটি ধাৰ লাগি থকা অসম চৰকাৰে পুনৰ ১০০০ কোটি ধাৰ ল’ব বিচাৰিছে বুলিও ইয়ং আছামৰ আহ্বায়কগৰাকীয়ে অভিযোগ কৰে।

অসম চৰকাৰৰ এই ধাৰৰ বোজাও ভৱিষ্যতে ৰাইজৰ মূৰতেই পৰিব বুলি সুব্ৰত তালুকদাৰে ভৱিষ্যতবাণী কৰে।