NORTHEAST NOW (Assamese)

বৰশীৰ মাছলৈ জিঅ’ৰ টোপ! আনুষ্ঠানিক ঘোষণা নকৰাকৈয়ে জিঅ’ই গোপনে সলনি কৰিলে ডাটাৰ মূল্য

June 7, 2023 8:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 7, 2023 12:11 am

যোৱা বছৰৰ পৰাই ৰিলায়েন্স জিঅ’ই ভাৰতত ৫জি সেৱা আৰম্ভ কৰিছিল। ইয়াৰ পিছত জিঅ’ই বজাৰত কেইবাটাও ৫জি বুষ্টাৰ প্লেন মুকলি কৰে। তাৰে এটা হৈছে ৬১ টকীয়া প্লেন। এই বুষ্টাৰ প্লেন সেইসকল গ্ৰাহকৰ বাবে যিসকলে ২৩৯ টকাতকৈ কম পেকেজ ৰিচাৰ্জ কৰে।

জিঅ’ই এই বুষ্টাৰ প্লেন আৰম্ভ কৰিছিল সকলো গ্ৰাহকক ৫ জি ৱেলকাম অফাৰৰ অধীনলৈ অনাৰ বাবে। প্ৰথম অৱস্থাত এই ৬১ টকীয়া বুষ্টাৰ প্লেনত ৬ জিবি ডাটা উপলব্ধ আছিল। কিন্তু তাৰ পিছত এই প্লেনত জিঅ’ই ১০ জিবি ডাটা আগবঢ়াবলৈ আৰম্ভ কৰিলে। কিন্তু শেহতীয়াকৈ আকৌ ৬১ টকাৰ এই বুষ্টাৰ প্লেনত জিঅ’ই ৬ জিবি ডাটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

কিন্তু এইদৰে ডাটাৰ পৰিমাণ হ্ৰাস কৰাৰ কথা কোম্পানীটোৱে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। তেওঁলোকৰ এই পৰিৱৰ্তন ৱেবছাইট আৰু এপত লক্ষ্য কৰা হৈছে। কিন্তু কোনো আনুষ্ঠানিক ঘোষণা অবিহনে জিঅ’ই কিয় গোপনে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে এই ৬১ টকীয়া প্লেন জিঅ’ৰ এড অন টপ আপ ৰিচাৰ্জ। ই প্ৰিপেইড কম্বো প্লেনৰ অধীনত নপৰে। ইয়াৰ নিজস্ব কোনো বৈধতা নাই।

Related News