ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ফটো: সংগৃহিত।

জাৰ্মানীৰ এখন আদালতে ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত দেশখনৰ ৰিজাৰ্ভ ফ’ৰ্চৰ এজন বিষয়াৰ বিৰুদ্ধে বিচাৰ আৰম্ভ কৰিছে।

বাতৰি অনুসৰি, ৬৫ বছৰীয়া সামৰিক বিষয়াজন দোষী সাব্যস্ত হ’লে ১০ বছৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।

অভিযোগ অনুসৰি, সেনা বিষয়াজনে সশস্ত্ৰ বাহিনীৰ গোপন ব্যৱস্থাৰ সৈতে বিশ্বাসঘাতকতা কৰিছে।

লগতে পঢ়ক: Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

জাৰ্মানীৰ ফেডাৰেল প্ৰচিকিউটৰৰ কাৰ্যালয়ে বিষয়াজনক ৰাছিয়াৰ প্ৰতি সহানুভূতি দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, তেওঁলোকে ধনৰ লেনদেন সম্পৰ্কীয় কোনো বিষয় নিশ্চিত কৰিবলৈ সক্ষম হোৱা নাই।

বাতৰি মতে অভিযুক্ত সামৰিক বিষয়াজনে বিশেষ মনোযোগ আকৰ্ষণ কৰিছিল যেতিয়া ৰাছিয়াৰ কৰ্তৃপক্ষই তেওঁক এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল।

লগতে পঢ়ক:অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

আদালতৰ এজন মুখপাত্ৰই কয় যে অভিযুক্ত বিষয়াজনে প্ৰথমতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কিছু অংশ স্বীকাৰ কৰিছে।