NORTHEAST NOW (Assamese)

ভাৰতৰ সলনি জাৰ্মেনিয়ে সংস্কৃত শিকাইছে পৃথিৱীক

September 27, 2019 4:21 pm · এন ই নাও নিউজ
Updated: September 27, 2019 4:37 pm

সঁচা কথাত, আজিৰ পৃথিৱীক জাৰ্মেনিয়ে শিকাইছে “ভাৰতীয়” সংস্কৃত।

পণ্ডিত মেক্স মূলাৰৰ দেশখনৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত সংস্কৃতৰ গুৰুতৰ আৰু সংহত অধ্যয়ন দীৰ্ঘদিনধৰি চলি আছে।

এছিয়াৰ দেশৰ লগতে ইউৰ’প আৰু উত্তৰ এমেৰিকাৰ আগবঢ়া বিশ্ববিদ্যালয়সমূহত বহুসংখ্যক জাৰ্মেনি-প্ৰশিক্ষিত অধ্যাপকে বিলাইছে সংস্কৃতৰ জ্ঞান।

“গৃ্হভূমি” ভাৰতত আজিৰ তাৰিখত সংস্কৃতৰ উচ্চতৰ অধ্যয়নৰ যিমান সুবিধা আছে, তাতকৈ বহু বেছি সংহত ব্যৱস্থা আছে জাৰ্মেনিৰ বিশ্ববিদ্যালয়ত।

ইউনিভাৰ্ছিটি অৱ হীদেলবাৰ্গে সংস্কৃত শিকোৱাৰ বাবে বিশেষ চামাৰ স্কুল খুলিছে। এই বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ পূৰ্বেই ১৩৮৬ চনত স্থাপিত, জাৰ্মেনিৰ আটাইতকৈ প্ৰাচীন আৰু এতিয়াও অন্যতম শীৰ্ষস্থানৰ।

ভাৰততো চামাৰ স্কুল খোলা ইউনিভাৰ্ছিটি অৱ হীদেলবাৰ্গৰ এই স্কুল ছুইজাৰলেণ্ড আৰু ইটালিতো আছে।

আৰু এই স্কুল খোলাৰ কাৰণ, জাৰ্মেনিত সংস্কৃত আৰু ইণ্ড’লজি শিকিবলৈ গোটেই পৃথিৱীৰ পৰা যোৱা আবেদনৰ সংখ্যাৰ ব্যাপক বৃদ্ধি।

সংস্কৃতৰ প্ৰতি পশ্চিমৰ জ্ঞানাগ্ৰহীৰ আগ্ৰহৰ কাৰণ সহজে বুজা যায়। ভাষাৰ ৰূপত সেই ভাষাভাষীৰ চলমান জ্ঞানধাৰা সংৰক্ষিত হৈ থাকে।

আৰু সংস্কৃতৰ আছে অন্ততঃ ৩৫০০ বছৰৰ ইতিহাস!

জাৰ্মেনিৰ শীৰ্ষৰ ১৪খন বিশ্ববিদ্যালয়ে সংস্কৃত আৰু ইণ্ড’লজিৰ পাঠ্যক্ৰম আগবঢ়ায়।

সংস্কৃত সন্দৰ্ভত ইউনিভাৰ্ছিটি অৱ হীদেলবাৰ্গৰ ক্লাছিকেল ইণ্ড’লজিৰ মুৰব্বী অধ্যাপক এক্সেল মাইকেলছৰ এটা বাৰ্তা আছিল।

সংস্কৃতক ধৰ্ম আৰু নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শৰ সৈতে সংযোগ কৰাটো “মূৰ্খামি” আৰু ইয়াৰ সমৃদ্ধ ঐতিহ্যৰ “স্থিতিৰ প্ৰতি অনিষ্টকাৰক”, এটা সাক্ষাতত অধ্যাপক এক্সেলে কৈছিল।

 

এক্সেলৰ মতে, ৰাজনৈতিক আৰু ধৰ্মীয় বিতৰ্কত লাগি থকাৰ সলনি ভাৰতীয়সকলে তেওঁলোকৰ ঐতিহ্য সংৰক্ষণত গুৰুত্ব দিয়া উচিত।

অকল সংস্কৃতেই নহয়, পশ্চিমৰ পণ্ডিত-গৱেষকে দীৰ্ঘদিনধৰি হিব্ৰু, আৰবী, চীনা ভাষাকে ধৰি পৃথিৱীৰ বিভিন্ন ভাষা অধ্যয়ন কৰি আহিছে।

কোনো ভাষাৰ জ্ঞানে সেই ভাষাত লিপিবদ্ধ তথ্যত প্ৰৱেশৰ সুবিধা কৰি দিয়ে। কিন্তু আধুনিক ভাষাতাত্ত্বিক গৱেষণাই মুকলি কৰিব পৰা সম্ভাৱনা অপাৰ।

মানুহৰ চিন্তাৰ বিকাশ, মস্তিষ্ক আৰু চেতনা অধ্যয়ন, চিকিৎসা বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা আৰু কম্পিউটাৰ জগত আদি বিভিন্ন ক্ষেত্ৰক ভাষাতাত্ত্বিক গৱেষণাই উপকৃত কৰিছে।

পৃথিৱীৰ সকলো ভাষা বুজিব পৰা নতুন মেচিন-ভাষা সৃষ্টি কৰিব পাৰি নেকি ধৰণৰ চিন্তাও মানুহে কৰিছে— যিটোত সাংঘাতিক সামৰিক আৰু ৰণকৌশলগত আগ্ৰহ থাকিব পাৰে।

Related News