DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত বিকাশ দাস দোষী সাব্যস্ত; ৩০ ছেপ্টেম্বৰত শাস্তি ঘোষণা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 27, 2019 4:56 pm
Bikash Das
34.2k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল নায়কক দোষী সাব্যস্ত কৰি আজি গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালতে।

মেধাৱী ছাত্ৰীগৰাকীক ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছত দিব্যাংগৰ বাবে সংৰক্ষিত এটা দবাত অকলশৰীয়াকৈ পাই ধৰ্ষণ আৰু হত্যা কৰিছিল বিকাশ দাস নামৰ এজন ঝালমূৰি বিক্ৰেতাই। ঘটনাটো সংঘটিত হৈছিল ২০১৮ চনৰ ১০ জুলাইত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰীগৰাকীক মাকে আইতাকৰ ঘৰলৈ বুলি শিৱসাগৰ ষ্টেইশ্যনত ৰেইলখনত তুলি থৈ যোৱাৰ পিছতে ৰাধা কুমাৰীক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু শিমলুগুৰিত ৰেইলৰ শৌচালয়ত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

গামোচাৰে ডিঙি চেপি তেওঁক হত্যা কৰা বুলি পিছত আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল হত্যাকাৰী বিকাশ দাসে।

আদালতে ৩০ ছেপ্টেম্বৰত বিকাশ দাসৰ শাস্তিৰ ঘোষণা কৰিব। ৰাধা কুমাৰীৰ হৈ ওকালতি কৰা অধিবক্তাই সংবাদ মাধ্যমক জনায় যে তেওঁলোকে হত্যাকাৰীৰ মৃত্যুদণ্ডৰ বাবে আৱেদন জনাব আদলতক।

আজি দিয়া ৰায়দানত আদালতে সহ-অভিযুক্ত বিপিন পাণ্ডেক নিৰ্দোষী ঘোষণা কৰে।

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ দুদিন পাছতে ১২ জুলাইত দিনৰ ২:৩০ বজাত একে পদ্ধতিৰে ফৰকাটিং ৰে’ল ষ্টেচনত সংঘটিত হৈছিল ললিমা দেৱীৰ হত্যাকাণ্ড।

ৰে’লত সংঘটিত দুয়োটা হত্যাকাণ্ডৰ সম্পৰ্কত শিমলুগুৰি ৰে’ল আৰক্ষীয়ে ৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ২০১৮ চনৰ ১২ জুলাইৰ নিশা গ্ৰেপ্তাৰ কৰিছিল বিপিন পাণ্ডে আৰু বিকাশ দাসক।

দুয়োটা হত্যাকাণ্ডৰ সম্পৰ্কত ৰাজ্য চৰকাৰে তদানীন্তন ডি আই জি ৰাম প্ৰসাদ মিনাৰ  নেতৃত্বত আৰক্ষী বিষয়া সুৰজিৎ সিং পানেশ্বৰ, বলীন দেউৰী, দণ্ড শৰ্মা আৰু উত্তম তামাঙক সদস্য হিচাপে লৈ SIT ( Speacial Investigation Team) গঠন কৰি দিছিল।

SIT-এ ১৮ জুলাইত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দুইজন অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেৰ DNA টেষ্ট কৰে।

মুখ্য মন্ত্ৰীয়ে ঘটনাটোৰ ৰাধা কুমাৰী আৰু ললিমা দেৱী দুয়োটা হত্যাকাণ্ডৰে বিচাৰ ফাষ্ট ট্ৰেক ক’ৰ্টত কৰাৰ নিৰ্দেশ দিছিল।

দুমাহ পূৰ্বে তিনিচুকীয়া সত্ৰ আদালতে ললিমা দেৱীৰ হত্যাকাণ্ডৰো চূড়ান্ত ৰায়দান কৰে, য’ত বিপিন পাণ্ডেক নিৰ্দোষী ঘোষণা কৰাৰ বিপৰীতে বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

ইফালে ৰে’লত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ৰাধা কুমাৰীৰ বাসগৃহত হত্যাকাণ্ডৰ এপষেক পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈ ৰাধা কুমাৰীৰ পৰিয়ালৰ সদস্যক ৰে’ল বিভাগত নিযুক্তিৰ আশ্বাস দিছিল সেয়া আজিও আশ্বাস হৈয়ে ৰ’ল৷

Recent News

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd