• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘূমৰ : এখন সফল ক্ৰীড়াভিত্তিক ছবি

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 30, 2023 3:43 pm
546
VIEWS
Share on FacebookShare on Twitter

ঘূমৰ,বা ঘূৰ্ণন। এক গতি। ঘুমৰ এখন হিন্দী ভাষাৰ ছবিৰ নাম। প্ৰখ্যাত পৰিচালক আৰ বাল্কিৰ এই ছবিখন ক্ৰীড়াভিত্তিক। ইতিমধ্যেই ১ ৪তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত ১২ আগষ্ট,২০২৩ তাৰিখে প্ৰদৰ্শিত হৈছে ছবিখন। ক্ৰিকেটভিত্তিক এই ছবিখনৰ চিত্ৰনাট্য আৰু কাহিনী লিখিছে-আৰ বাল্কি,ৰাহুল সেনগুপ্তা হৃষি ভিৰ্মানীয়ে। ছবিখনে আনুষ্ঠানিকভাৱে ১৮ আগষ্ট তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিছে আৰু বৰ্তমানেও চলি আছে।

ছবিৰ আৰম্ভণি ঘটে-খেলুৱৈয়ে ষ্টেডিয়ামত প্ৰবেশ কৰাৰ দৃশ্যক পিছফালৰ পৰা কেমেৰাত আৱদ্ধ কৰাৰ দৃশ্যৰে। এই দৃশ্যই তাৎক্ষণিকভাৱে ভাগ মিলখা ভাগ ছবিখনৰ আৰম্ভণিলৈ মনত পেলাই দিছিলে। আৰম্ভণিৰ পৰা সকলো মাথোঁ ক্ৰিকেট। ঘৰত,বাহিৰত সকলোতে। অ, এটাই পাৰ্থক্য মাত্ৰ-মহিলা ক্ৰিকেট। আনিনা(ছায়ামী খেৰ)এগৰাকী উঠি অহা ক্ৰিকেটাৰ(বেটছ্মেন)। আনিনাৰ নিৰ্বাচন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, প্ৰথমে ৰাজ্যিক,তাৰপিছত দেশীয় আৰু তাৰ সমান্তৰালকৈ আন আন চৰিত্ৰ,পৰিস্থিতিকো প্ৰতিষ্ঠা কৰা হয়।

প্ৰথমাৰ্দ্ধত চিনেমাৰ কাহিনীৰ গতি সুচল যদিও,কিছু পৰিমাণে মন্থৰ। আৰম্ভণিৰে পৰাই অমিত ত্ৰিবেদীৰ আৱহ-সংগীতৰ প্ৰয়োগ খাপ খোৱা। সকলোবোৰ ঠিক উছৱমুখৰ হ’বলৈ ধৰোতেই, হঠাৎ কাহিনীলৈ এনে এক পৰিৱৰ্তন আহে যে সমগ্ৰ দৃশ্যপটেই সলনি হৈ পৰে। ইতিপূৰ্বে,ছবিত অভিষেক বচ্চনৰ চৰিত্ৰই ভুমুকি মাৰে। পূৰ্বৰ ক্ৰিকেট খেলুৱৈ যাক কোনেও গুৰুত্ব নিদিয়ে, তেওঁ‌ৰ এষাৰ কথাত আনিনাৰ মন ভাঙি পৰে। ইয়াৰ পিছৰ দূৰ্ঘটনাত আনিনাই বেটিং কৰা হাতখন হেৰুৱাব লগা হয়। তাৰপিছত কি হয়, তাক লৈয়েই ছবিৰ পৰৱৰ্তী কাহিনীভাগ। চিনেমাৰ চলচ্চিত্ৰগ্ৰহণশিল্পৰ কাম কৰিছে বিশাল সিনহাই। আৰু এইটো ছবিখনৰ এটি সুন্দৰ অংশ। বিশেষকৈ পেডী(অভিষেক বচ্চন)য়ে আনিনাক ট্ৰেইনিং দি থকা সময়খিনি অনন্য। লগতে নিশা পেডীৰ বিধ্বস্ত মনোদশাক দৰ্শাবলৈ কৰা পোহৰ আৰু শ্বটৰ ব্যৱহাৰ প্ৰশসংনীয়। পিছে ক্ৰীড়া সম্পৰ্কীয় ছবি এখনত যি উৎকন্ঠা, উত্তেজনা মিশ্ৰিত থাকে বা উৎসাহ থাকে-সেইখিনি উপাদানৰ প্ৰয়োগ কম দেখা গ’ল। আৰু অভিষেক বচ্ছনৰ চৰিত্ৰটোৰ ঠাইত আন কোনো চৰিত্ৰ লোৱা হয় হয়তো অধিক জীপাল হৈ উঠিল হয় পেডীৰ চৰিত্ৰ।

তৰংগ শীৰ্ষৰ শেষত কিছু আৱেগিক আৰু কিছু উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হয়। নিপুন আশাদে গুপ্তাৰ সম্পাদনাৰ দিশটো ভাল। মাথোঁ কাহিনীভাগ প্ৰথমাৰ্দ্ধতে আৰু অলপ চুটি হোৱাহয়, ছবিৰ আৱেদনধৰ্মীতা আৰু অধিক হ’লহয়। ছবিৰ মূল তাৰকা আনিনা অৰ্থাৎ ছায়ামী খেৰ। ছায়ামীৰ সম্পূৰ্ণ স্বাভাৱিক অভিনয়ক প্ৰশংসা কৰিবই লাগিব। ক্ৰীড়া সম্পৰ্কীয় ছবি যদিহে চাই ভালপাই,তেন্তে ঘুমৰ আপোনাৰ বাবে।

ৰিমলী বৰকটকী।
মেইল-ঃ- [email protected]

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd