NORTHEAST NOW (Assamese)

১৯ মে’ত জি আই এম টি, তেজপুৰত কেৰিয়াৰ সজাগতা সভা

May 14, 2019 7:40 am · এন ই নাও নিউজ
প্ৰতীকী ছবি। জি আই এম টি, গুৱাহাটী।

তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত অহা ১৯ মে’ত এখন কেৰিয়াৰ সজাগতা সভা আয়োজন কৰা হ’ব। উক্ত দিনা ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পলিটেকনিক এডমিচন টেষ্ট (পি এ টি) পৰীক্ষা ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে জি আই এম টি তেজপুৰৰ পৰীক্ষাকেন্দ্ৰটো অনুষ্ঠিত হ’ব।

দিনৰ ১০:৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাঁয়ে।

অনুষ্ঠানটোত আগ্ৰহী অভিভাৱকসকলে কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীৰ পৰা বিভিন্ন প্ৰশ্নৰ সমিধান পোৱাৰ লগতে জি আই এম টি তেজপুৰত থকা আসনৰ সংখ্যা, বিভাগসমূহ আৰু চৰকাৰী সংৰক্ষিত আসনৰ বিষয়ে জানিব পাৰিব।

Related News