সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত “জিআইপিএছ”ৰ শিক্ষাৰ্থীৰ সাফল্য

index

প্ৰতিষ্ঠানটোৰ অধ্যাপকৰ সৈতে কৃতী শিক্ষাৰ্থীসকল। ফটো: নৰ্থইষ্ট নাও

বিগত বৰ্ষবোৰৰ গৌৰৱোজ্জল ইতিহাসৰ পুনৰাবৃত্তি ঘটাই ফাৰ্মাচী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স চমুকৈ জিআইপিছৰ ৯জনকৈ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, গ্ৰেজুৱেট ফাৰ্মাচী এপটিটিউত টেষ্ট চমুকৈ জিপেট ,২০২০ত সৰ্বভাৰতীয় পৰ্যায়ত স্থান দখলেৰে  শিক্ষানুষ্ঠান খনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

শিক্ষানুষ্ঠান খনৰ সাফল্য লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্ম ষষ্ঠ ষাণ্মাসিকৰ তেজপুৰ নিবাসী অভিস্পিৎ কলিতা নামৰ কৃতী ছাত্ৰজনে উত্তৰ-পূব ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি ২০৩নং স্থান দখলেৰে শিক্ষানুষ্ঠানখনৰ কাৰণে এক ঈৰ্ষণীয় সাফল্য কঢ়িয়াই আনে।

আন আন শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্ম ষষ্ঠ ষাণ্মাসিকৰ পাৰ্থ প্ৰতীম ঠাকুৰীয়াই (৪৩৫১স্থান),বেলি ব্ৰহ্ম‌ই(১৮৪৯৯স্থান) আৰু অষ্টম ষাণ্মাসিকৰ নয়নিকা নেওগ (৩৩২৭স্থান),মমিতুল আহমেদ(৯২৩স্থান), ধৃতিলতা পেগু(১৬১৫৯স্থান), কিৰণ পান্ডে(১১০৭২স্থান),অভিজিতা তালুকদাৰ (১৩৪৯স্থান),সৌভিক কুমাৰ দাসে (১০৭১৭স্থান) লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে সংগতি ৰাখি যোৱা ১০ফেব্ৰুৱাৰি তাৰিখে শিক্ষানুষ্ঠান খনৰ চৌহদত কৃতী শিক্ষাৰ্থীসকলক অভিবাদন জনোৱাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিষ্ঠানটোত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জনোৱাৰ মুহুৰ্ত। ফটো: নৰ্থইষ্ট নাও

সম্বৰ্ধনা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ৰাতুল দাস, অধ্যক্ষ ডঃ গৌৰাংগ দাসৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকি কৃতী শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকক অভিনন্দন জনায়।

সৰ্বভাৰতীয় পৰ্য্যায়ত লাভ কৰা শিক্ষাৰ্থীসকলৰ এনে সাফল্য‌ত স্বাভাৱিকতে শিক্ষানুষ্ঠান খনৰ সকলো শিক্ষক-শিক্ষয়ত্ৰী উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে জিপেট(GPAT) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন আৰু বিকাশ মন্ত্ৰ্যালয়ৰ তত্বাৱধানত তথা নেচনেল টেষ্ট এজেন্সি চমুকৈ এনটিএ(NTA)ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, যʼত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ফাৰ্মাচী শিক্ষাৰ বিভিন্ন ধৰণৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰি জলপানিৰ লগতে আন কিছু আৰ্থিক সাহায্য লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পায়।