গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে গুৱাহাটীস্থিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰি দুয়োখন প্ৰতিষ্ঠানৰ সৈতে এক সুদৃঢ় সহযোগিতা প্ৰতিষ্ঠা কৰিছে l
শৈক্ষিক বুজাবুজিৰ এই চুক্তিপত্ৰত স্বাক্ষৰ প্ৰদান কৰে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ড. অশোক পুৰানিক আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড০ দীপাংকৰ সাহাই।
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত হোৱা সেই অনুষ্ঠানত উপস্থিত থাকে জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক ড . সুবাস চন্দ্ৰ গুপ্তা, ফাৰ্মক’লজি বিভাগৰ অধ্যাপক ড০ ফুলেন শৰ্মা, জি চি ইউৰ স্কুল অৱ ফাৰ্মাচীৰ ডীন অধ্যাপক ড. ভানু পি চাহু, প্ৰাকৃতিক বিজ্ঞান বিভাগৰ ডীন, অধ্যাপক ড০ সুনয়ন বৰদলৈকে ধৰি দুয়োখন প্ৰতিষ্ঠানৰ ভালে সংখ্যক অভ্যাগতই l
বিশ্ববিদ্যালয়ে এই চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰাৰ মূল লক্ষ্য হৈছে দুয়োখন প্ৰতিষ্ঠানে আন্ত: বিষয়ক ক্ষেত্ৰসমূহৰ বিশেষ বিভাগসমূহত যুটীয়াভাৱে গৱেষণা কাৰ্য সম্পন্ন কৰিব পৰাকৈ সম্ভাৱনা স্থাপন কৰা l এই সহযোগিতাৰ মুখ্য উদ্দেশ্য হৈছে পৰস্পৰে বিভিন্ন বিষয়ৰ গৱেষণা সম্পন্ন কৰিব পৰাকৈ সুযোগ লাভ কৰা l
ইয়াৰ লগতে গৱেষণাৰ পৰিসৰ, পৰম্পৰাগত আৰু আধুনিক ঔষধৰ সংমিশ্ৰণৰ ওপৰত গৱেষণা কাৰ্য, নভেল জৈৱসূচকৰ চিনাক্ত আৰু উন্নীতকৰণৰ বাবে চিলিকা, কৃত্ৰিম পৰিবেশীয়, ক্লিনিকেল ৰিচাৰ্চ সম্পন্ন, নভেল থেৰাপেটিক টাৰ্গেট, নভেল থেৰাপেটিক এজেণ্টৰ চিনাক্তকৰণ আৰু মূল্যায়ন, উত্তৰ পূৱ ভাৰতৰ জন সংখ্যাৰ সন্দৰ্ভত নভেল ফৰ্মুলেচনৰ দক্ষতা আৰু সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা শিক্ষাৰ ওপৰত আধাৰিত অত্যাধুনিক গৱেষণা কাৰ্য, নভেল মলিকুলাৰ টাৰ্গেটৰ চিনাক্তকৰণ আৰু মানৱ শৰীৰৰ বিভিন্ন ৰোগৰ প্ৰমাণকৰণ ইত্যাদি কৰিব পাৰিব l