ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

Girijananda Chowdhury University

শৈক্ষিক উত্তৰণৰ এক উল্লেখনীয় পদক্ষেপ হিচাপে যোৱা ১৯ জানুৱাৰীত হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে।

আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বুজাবুজিৰ চুক্তি পত্ৰত স্বাক্ষৰ কৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ কন্দৰ্প দাস আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে।

জানিব পৰা মতে, এই চুক্তিপত্ৰখনত স্বাক্ষৰ প্ৰদান কৰাৰ মূল উদেশ্য হৈছে শিক্ষা, গৱেষণা আৰু এ আই চি টি ই- আইদিয়া লেব ইত্যাদিৰ দ্বাৰা বিভিন্ন উদ্ভাৱন মূলক কাৰ্য কৰিবলৈ সুবিধা প্ৰদান কৰি দুয়োখন বিশ্ববিদ্যালয়ে যাতে পৰস্পৰে পৰস্পৰৰ সহযোগিতাৰে শিক্ষা আৰু গৱেষণাৰ উন্নীতকৰণ কৰিব পাৰে।

ইয়াৰ ফলত দুয়োখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

চুক্তি পত্ৰৰ আন এটা লক্ষ্য হৈছে দুয়োখন বিশ্ববিদ্যালয়ৰ গৱেষক আৰু ছাত্ৰ ছাত্ৰী সকলে যাতে যুটীয়াভাৱে বিজ্ঞানৰ গৱেষণা তথা বিজ্ঞান বিষয়ক গৱেষণা পত্ৰ আৰু প্ৰকাশন , শৈক্ষিক বিষয়ৰ লগতে ইয়াৰ প্ৰকাশনৰ লগত জড়িত বিবিধ বাৰ্তা, বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম আদি সম্পাদন কৰাৰ লগতে যুটীয়াভাৱে কনফাৰেঞ্চ, কৰ্মশালা আৰু চেমিনাৰ আদি অনুষ্ঠিত কৰিব।

ইয়াৰ ফলত বিভিন্ন শৈক্ষিক দিশ পৰস্পৰৰ মাজত আদান প্ৰদান হ’ব। ইয়াৰ উপৰিও যুটীয়া ভাৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ভাষা সম্বন্ধীয় কাৰ্য, গৱেষণা মূলক প্ৰকল্প দুয়োখন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰাৰ উপৰিও শৈক্ষিক বিষয়ক বিভিন্ন কাৰ্যৰো সমাধা কৰিব পাৰিব।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পজ্ঞীয়ক তিলক চন্দ্ৰ কলিতা, উপ পজ্ঞীয়ক ড৹ শেখৰ কান্ত চৰকাৰ, উপ পৰীক্ষা নিয়ন্ত্ৰক ড০ লব কান্ত ঠাকুৰীয়া।

লগতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড০ দীপাংকৰ সাহা, স্কুল অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজিৰ ডীন অধ্যাপক ড০ ৰবাৰ্ট ৰবি, স্কুল অৱ মেনেজমেণ্ট এণ্ড কমাৰ্চৰ ডীন অধ্যাপক ড০ হৰি প্ৰসাদ গোয়েংকা।

স্কুল অৱ হিউমিনিটিচ এণ্ড চচিয়েল চায়েঞ্চৰ ডীন অধ্যাপক ড০ শান্তনু চক্ৰবৰ্তী, স্কুল অৱ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ ডীন অধ্যাপক ড০ ভানু পি চাহু, স্কুল অৱ নেচাৰেল চায়েঞ্চৰ ডীন অধ্যাপক সুনয়ন বৰদলৈ, শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি যশোদাৰঞ্জন দাস আৰু লগতে ভালে সংখ্যক গণ্য মান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

বুজাবুজিৰ চুক্তি পত্ৰৰ এই স্বাক্ষৰ প্ৰদানে নিশ্চয়কৈ দুয়োখন বিশ্ববিদ্যালয়ৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু গৱেষক সকলক সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে।