গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বৃহৎ ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ EUPHUISIM ৰ আয়োজন

ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত অহা ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ “EUPHUISM 2023”ৰ আয়োজন কৰা হৈছে। এই মহোৎসৱটিৰ উদ্বোধনী অনুষ্ঠান হিচাপে ইতিমধ্যে ১ মাৰ্চৰ পুৱা ৪:০০ বজাৰ পৰা অনুষ্ঠিত হোৱা মাৰাথান দৌৰৰ সফল সামৰণি পৰে।

এইবাৰৰ এই মহোৎসৱটিৰ  মূল সাংস্কৃতিক অনুষ্ঠানটোৰ বিষয়বস্তু হ’ব “Desi Odyssey”। এই মহোৎসৱত সংগীত শিল্পী এছ কিঙৰ সংগীতানুষ্ঠানে মহোৎসৱটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

দেশী অডিচি হৈছে আমাৰ বৈচিত্ৰক উদযাপন কৰাৰ এক আৱেগৰ বয়ন। ই হৈছে আমাৰ গৌৰৱময় পৰিচয় আৰু আমাৰ বৈচিত্ৰপূৰ্ণ স্বকীয়তাৰ অংগ। ই হৈছে আমাৰ কলাত্মক চহা জীৱন আৰু আধুনিক সংস্কৃতিৰ লগত হোৱা একীকৰণ তথা এক বৰ্ণিল আলিংগন। আমি ডাঠি ক’ব পাৰোঁ যে আমি যিদৰে এক সজীৱ আৰু সমৃদ্ধশালী জীৱন যাপন কৰোঁ, সেয়া আন কোনেও কেতিয়াও অনুভৱ কৰিব নোৱাৰে।

বিশ্ববিদ্যালয়ৰ এই ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱত নৃত্য, গীত-মাত আদিৰ প্ৰতিযোগিতাকে ধৰি বিভিন্ন সাংস্কৃতিক পৰিৱেশন, প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে প্ৰতি বছৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে প্ৰায় ৪০০০ দৰ্শকক এই উৎসৱলৈ নিমন্ত্ৰণ জনায়। এই অনুষ্ঠানে ব্ৰেণ্ড প্ৰচাৰ, মনোৰঞ্জন আৰু জ্ঞান বিনিময়ৰ বাবে এক সুন্দৰ সুযোগ প্ৰদান কৰে। সেয়েহে বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সকলোকে এই উৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

সকলোৰে আগ্ৰহ, অংশগ্ৰহণে মহোৎসৱটিক এক বৃহৎ সফলতা প্ৰদান কৰিব বুলি আয়োজক আশাবাদী।

অধিক তথ্য আৰু পঞ্জীয়নৰ বাবে অনুগ্ৰহ কৰি অফিচিয়েল ৱেবছাইট www.gcuniversity.ac.in চাওক।