নিখোজৰ দুমাহৰ পাচত উদ্ধাৰ বোকাখাতৰ নাবালিকা ছাত্ৰী; গ্ৰেপ্তাৰ যুৱক

বােকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া গাঁৱৰ নিৰুদ্দেশ হৈ থকা এগৰাকী ছাত্ৰীক দেওবাৰে নিশা এজন যুৱকৰ সৈতে বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰে। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্রীগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে ২১ জানুৱাৰীত নিজ বাসগৃহৰ পৰাই নিখোজ হৈছিল।

পৰিয়ালৰ লােকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ নিশাই বােকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও ইমান দিনে তেওঁক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিব পৰা নাছিল বোকাখাত আৰক্ষীয়ে।

অৱশেষত যোৱা নিশা দেৰগাঁৱৰ নাককাটি গাঁৱৰ পৰা বিজয় দাস নামৰ এজন যুৱকৰ সৈতে ছাত্ৰীগৰাকীক বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰক্ষীৰ মতে কুৰুৱাবাহী নগঞাপামৰ নিৱাসী বিজয় দাসে প্ৰেমজনিত কাৰনত নাবালিকা ছাত্ৰীগৰাকীক অপহৰণ কৰিছিল বুলি স্বীকাৰ কৰে।

উল্লেখযোগ্য যে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উক্ত ছাত্রীগৰাকীয়ে ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলাখনৰ ভিতৰতে ইংৰাজী আৰু সমাজ বিজ্ঞানত সর্বোচ্চ নম্বৰ পোৱাৰ বাবে পুৰস্কৃত হৈছিল।

যুৱকজনে ‘অপহৰণ’ কৰাৰ বাবে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছিল। উদ্ধাৰৰ পাচত নিশায়ে ছাত্ৰীগৰাকীক তেওঁৰ পৰিয়ালৰ ওচৰত চমজাই দিয়াৰ লগতে বিজয় দাসক ৩২/২০ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।