‘ওপৰৰ হেঁচাৰ বাবেই চিছোদিয়াৰ ঘৰত চিবিআই-এ তালাচী চলাইছে’: অৰবিন্দ কেজৰিৱাল

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত চিবিআই-এ তালাচী চলোৱাৰ পিছতে আজি কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চিবিআই-এ অভিযান চলোৱাৰ পিছতে কেজৰিৱালে চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে। কেজৰিৱালে কয় যে চিবিআই-এ নিজৰ কাম কৰিছে৷ওপৰৰ পৰা অহা হেঁচাৰ বাবেই চিবিআই-এ চিছোদিয়াৰ ঘৰত তালাচী চলাইছে৷ চিছোদিয়াৰ ঘৰত এয়াই প্ৰথম তালাচী নহয়, ইয়াৰ পূৰ্বেও তিনিবাৰ তেওঁৰ ঘৰত তালাচী চলোৱা হৈছিল৷

আনকি কেজৰিৱালৰ ঘৰতো কেইবা বাৰো তালাচী চলোৱা হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ অৰবিন্দ কেজৰিৱালে আজি আপৰ “ৰাষ্ট্ৰীয় অভিযান”ৰ বাবে এক “মিছকল” অভিযানো আৰম্ভ কৰে। চিবিআইয়ে ৰাষ্ট্ৰীয় ৰাজধানীত আপৰ আবকাৰী নীতিক লৈ অভিযান আৰম্ভ কৰাৰ কেইঘণ্টামানৰ পিছতে আপৰ মুৰব্বী কেজৰিৱালে আজি দেশৰ ১৩০ কোটি লোকক “ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ” আহ্বান জনায়। কেজৰিৱালে কয় “মই আজি এটা নম্বৰ মুকলি কৰিছো, এই নম্বৰটোত মিছকল দি শক্তিশালী ভাৰত গঢ়াত আপক সহায় কৰক৷ মিছকলৰ নম্বৰটো হৈছে নম্বৰ 9510001000। যিসকলে এই অভিযানত যোগদান কৰিব বিচাৰে, যিসকলে ভাৰতক বিশ্বৰ এক নম্বৰ ৰাষ্ট্ৰ, আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে চাব বিচাৰ তেওঁলোকক এই নম্বৰত মিছকল দিবলৈ কেজৰিৱালে আহ্বান জনায়৷

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চিবিআইৰ অভিযানক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক তেওঁলোকৰ কাম কৰিবলৈ দিয়ক। তেওঁলোকৰ আছে ওপৰৰ পৰা আমাক হাৰাশাস্তি কৰাৰ নিৰ্দেশ,”৷ কেজৰিৱালে এটা ভিডিঅ’ বাৰ্তা যোগে আজি জনতাক সম্বোধন কৰে৷কেন্দ্ৰীয় চৰকাৰে বিশ্বব্যাপী প্ৰশংসিত হোৱা ভাল কামৰ বাবে আপ নেতাসকলক লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে।

ভিডিঅ’ ভাষণৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়েয়ে দিল্লী চৰকাৰৰ শিক্ষা নীতিৰ ওপৰত নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰিৰ কথাও উল্লেখ কৰে।কেজৰিৱালে কয় ” আজি, মই আপোনালোকক কিছু ভাল খবৰ দিবলৈ ওলাইছো। এয়া এনে এক খবৰ যি খবৰে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব। মই সকলোকে অভিনন্দন জনাব বিচাৰো। নিউয়ৰ্ক টাইমছ – আমেৰিকাৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতত দিল্লীৰ শিক্ষা আৰ্হিৰ প্ৰতিবেদন প্ৰকাশ পাইছে। কাকত খনে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত বিপ্লৱৰ কথা কৈছে,”৷

এক তেওঁ লগতে কয় যে যিদিনা চিছোদিয়াক “সৰ্বশ্ৰেষ্ঠ শিক্ষামন্ত্ৰী” হিচাবে ঘোষণা কৰা হৈছে সেইদিনাই চিবিআইয়ে তেওঁৰ ঘৰত তালাচী চলাইছে।

কেজৰিৱালে কয় যে দেশৰ বাবে গৌৰৱৰ বিষয় এয়াই যে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ আটাইতকৈ ডাঙৰ বাতৰি কাকত খনৰ প্ৰথম পৃষ্ঠাত মনীষ চিছোদিয়াৰ নাম উল্লেখ কৰা হৈছে, ষিক্ষাৰ ক্ষেত্ৰত কৰা তেওঁৰ কামক স্বীকৃতি দিয়া হৈছে৷