খেলত অধিক সময় দিয়ক : বাইচুং ভূটীয়া

Bhaichung-750x375

বাইচুং ভূটীয়া

‘খেলত অধিক সময় সময় দিয়ক’ শুকুৰবাৰে অৰুণাচলত উপস্থিত হৈ ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই এই মন্তব্য কৰে।

অৰুণাচলত এখন ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধনৰ বাবে উপস্থিত হৈ ভূটীয়াই অৰুণাচলৰ ফুটবল খেলুৱৈ সকলৰ পেচাদাৰী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা থকা বুলি মন্তব্য কৰে। তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে উপদেশ দিয়ে।

অৰুণাচলত এখন বিশ্ব মানৰ খেল একাডেমী থকাতো অতিশয় প্ৰয়োজনীয় বুলি উল্লেখ কৰি ভূটীয়াই কয় যে এনেধৰণৰ একাডেমীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাসমূহৰ বাবে খেলুৱৈ সকলক তৈয়াৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰিব।

আনহাতে, তেওঁৰ ‘হামৰো ছিকিম পাৰ্টি’ ৰ সদ্যসমাপ্ত লোকসভা আৰু বিধানসভা নিৰ্বাচনত ফলাফল কেনেকুৱা হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন ফুটবলাৰ গৰাকীয়ে তেওঁৰ দলটো ৰাজনীতিৰ সদ্য জন্ম পোৱা কেচুৱা বুলি মন্তব্য কৰে। তদুপৰি ছিকিমৰ দৰে ৰাজ্য য’ত ইতিমধ্যে দুটাকৈ শক্তিশালী আঞ্চলিক দল আছে তেনেক্ষেত্ৰত নতুন দল এটা উঠি অহাটো খুব কঠিন বুলি কয় ভূটীয়াই।

‘আমি ২৩ মে’ৰ ফলাফলালৈ অপেক্ষা কৰিছো। দলে ভবিষ্যতলৈ লক্ষ্য কৰি সঠিক দিশত আগবাঢ়ি আছে’ এনেদৰে কয় বাইচুং ভূটীয়াই।

অৰুণাচলত উদ্বোধন কৰা কাপোৰৰ ব্ৰ্যাণ্ডটোৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অৰুণাচলৰ জনসাধাৰণ নতুন নতুন ফেশ্বনৰ ক্ষেত্ৰত খুবেই সজাগ আৰু আগ্ৰহী।