সম্পূৰ্ণ ভাৰতীয় সাজত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল

Glenn Maxwell goes all Indian in his engagement ceremony

বাগদত্তা বিনিৰ সৈতে মেক্সৱেল। ছবি-- ইনষ্টাগ্ৰাম।

অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক শেহতীয়াকৈ সম্পূৰ্ণ ভাৰতীয় সাজত দেখা গ’ল।

দীৰ্ঘদিনৰ সংগিনী বিনি ৰামনৰ সৈতে মেলব’ৰ্নত শেহতীয়াকৈ ক্ৰিকেটাৰজনৰ বিবাহৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল।

অনুষ্ঠানটোত শ্বেৰৱানি পিন্ধি, কপালত তিলক লৈ তোলা ক্ৰিকেটাৰজনৰ ছবি চ’চিয়েল মিডিয়াত দেখা গৈছে।

মেক্সৱেলৰ বাগদত্তা বিনিয়ে দেওবাৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ বাগদানৰ ছবিসমূহ ৰাজহুৱা কৰে।

যোৱা মাহত মেক্সৱেলে বিনিৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল।

দুয়ো যোৱা কিছু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ আছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ সীমিত অ’ভাৰৰ খেলত মেক্সৱেল দলৰ পৰা বাহিৰত ৰৈছে।

কিলাকুটিৰ আঘাতৰ বাবে তেওঁ দলত স্থান লাভ কৰা নাছিল।