NORTHEAST NOW (Assamese)

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

February 4, 2023 9:49 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বছৰ নৱেম্বৰত বজাৰত উপস্থিত হোৱাৰ পিছত অপেনএআইত নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তা চালিত (এআই) চেটবট চাটজিপিটিয়ে (ChatGPT) সমগ্ৰ বিশ্বতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াৰ মাজতে, প্ৰতি মাহে ১০ কোটিৰো অধিক ব্যৱহাৰকাৰীয়ে নিয়মীয়াকৈ চেটজিপিটি ব্যৱহাৰ কৰি আছে।

জিমেইল সৃষ্টিকৰ্তা পল বাখাইটে আশংকা প্ৰকাশ কৰিছে যে জনপ্ৰিয়তাৰ শীৰ্ষত থকা এই চেটজিপিয়ে এবছৰ বা দুবছৰৰ ভিতৰত গুগলৰ ব্যৱসায় ধ্বংস কৰিব পাৰে।

পল বাখাইটে টুইট কৰি জনাইছে যে কৃত্ৰিম বুদ্ধিমত্তা (এআই) প্ৰযুক্তিৰ বাবে, ভৱিষ্যতে চাৰ্চ ইঞ্জিনৰ ৰিজাল্ট পেজৰ (এছ ই আৰ পি) অস্তিত্ব নাথাকিব। আৰু ইয়াৰ পৰাই গুগলে আটাইতকৈ বেছি উপাৰ্জন কৰে।

যেতিয়া ব্যৱহাৰকাৰীয়ে ব্ৰাউজাৰৰ ছাৰ্চ বাৰত কোনো প্ৰশ্ন লিখিব, চেটজিপিটিয়ে স্বয়ংক্ৰিয়ভাৱে ইয়াক অৱগত কৰিব। কেৱল সেয়াই নহয়, প্ৰাসঙ্গিক তথ্য আৰু লিংক যোগ দি ফলাফলবোৰো সংক্ষিপ্তভাৱে দাঙি ধৰিব। ফলস্বৰূপে, গুগল চাৰ্চ ইঞ্জিনৰ ফলাফল চাই এটাতকৈ অধিক ৱেবছাইটত প্ৰৱেশ কৰিব নালাগে।

গুগলে ছাৰ্চ ৰিজাল্ট আৰু ৱেবছাইটত বিজ্ঞাপন প্ৰদৰ্শন কৰি সৰ্বাধিক উপাৰ্জন কৰে। কিন্তু যদি চেটজিপিটিৰ বাবে গুগল চাৰ্চ ইঞ্জিন ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস পায়, তেতিয়া কোম্পানীটোৰ ৰাজহ নিশ্চিতভাৱে কমি যাব।

মন কৰিবলগীয়া কথাটো হ’ল যে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আধাৰিত চেটজিপিটিয়ে যিকোনো বাৰ্তাৰ প্ৰতি দ্ৰুত আৰু সঠিকভাৱে সঁহাৰি দিব পাৰে।  নিজে বাৰ্তা, নিবন্ধ বা কবিতাও লিখে। শব্দৰ সঠিক বাছনি আৰু ভাষাৰ ব্যৱহাৰৰ বাবে চেটবটৰ পাঠ পঢ়িবলৈ আৰু সেইবোৰ মানুহ নে যন্ত্ৰই লিখিছে বুজিবলৈ কোনো উপায় নাই।

Related News