• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ দীপৰ বিল : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণক মূৰ্খ সজাব বিচাৰে নেকি গুৱাহাটী পৌৰ নিগমে?

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশনাক লৈ ল’ৰা-ধেমালি খেলে নেকি গুৱাহাটী পৌৰ নিগমে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 24, 2022 6:27 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশনাক লৈ ল’ৰা-ধেমালি খেলে নেকি গুৱাহাটী পৌৰ নিগমে?

ৰামচাৰ অঞ্চল হিচাপে পৰিচিত দ্বীপৰ বিল সদায় প্ৰদূষিত হৈ থকাটো বিচাৰে নেকি গুৱাহাটী পৌৰ নিগমে? নে
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণক মূৰ্খ সজাব বিচাৰে নেকি গুৱাহাটী পৌৰ নিগমে?

গুৱাহাটীৰ পশ্চিম বৰাগাঁও; দীপৰ বিলৰ লগতে লাগি থকা এটা অঞ্চল!

পশ্চিম বৰাগাঁওৰ পূৰ্বৰ ডাম্পিঙ গ্ৰাউণ্ডত দৈনিক গুৱাহাটীৰ প্ৰায় ১২ লাখ জনতাই সৃষ্টি কৰা ৫০০ মেট্ৰিক টন জাৱৰ অৰ্থাৎ ৫ লাখ কিঃগ্ৰাঃ জাৱৰ পেলোৱা হৈছিল।

২০০৬ চনৰ পৰাই গুৱাহাটী পৌৰ নিগমে প্ৰায় ৭০ টা বেচৰকাৰী সংস্থাই ঘৰে ঘৰে সংগ্ৰহ কৰা জাৱৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ এই স্থানত পেলাই আহিছিল।

আঁতৰৰ পৰা দেখিলে পাহাৰ যেন লগা এই ডাম্পিঙ গ্ৰাউণ্ডে প্ৰায় ১৪১ বিঘা মাটি আগুৰি আছে।

এই তথ্য জনাইছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই। অৰ্থাৎ প্ৰায় ১৪ বছৰ ধৰি একেৰাহে দীপৰ বিল প্ৰদূষণৰ কাৰক হিচাপে থিয় দি আহিছিল এই বৃহৎ ডাম্পিঙ গ্ৰাউণ্ডে।

২০০২ চনতে ৰামচাৰ অঞ্চল হিচাপে স্বীকৃতি লাভ কৰা দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যতা, পক্ষীকুল, পশুকুল আৰু জলচৰ প্ৰাণীৰ জীৱনলৈ নামি আহিছে চৰম ভয়াৱহতা।

সেয়েহে দীপৰ বিলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ২০১৪ চনতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্য চৰকাৰক উক্ত জাৱৰৰ দ’মটো দীপৰ বিলৰ পাৰৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিছিল।

দিল্লীৰ ৰোহিত চৌধুৰী নামৰ এজন সমাজ সচেতক লোকে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল।

তাৰ পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববীয়াকৈ এক গোচৰ লৈ ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমলৈ উক্ত স্থানৰ পৰা বেলেগ স্থানলৈ নিবলৈ নিৰ্দেশ দিছিল।

২০১৯ চনতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই কথা জনাইছিল তেতিয়াৰ যানশালা বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মনোজিত বুজৰবৰুৱাই।

কিন্তু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ সেই নিৰ্দেশৰ পাছতো প্ৰায় ৭ বছৰে পশ্চিম বৰাগাঁওৰ এই স্থানতে গুৱাহাটী পৌৰ নিগমে পেলাই গৈছিল জাৱৰ। অৱশেষত ২০২১ চনৰ জুন মাহৰ পৰা বন্ধ হ’ল এই ডাম্পিঙ গ্ৰাউণ্ডত জাৱৰ পেলোৱাৰ প্ৰক্ৰিয়া।
কিন্তু পুনৰ এবাৰ যেন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণক মূৰ্খ সজোৱাৰ চেষ্টা গুৱাহাটী পৌৰ নিগমৰ!

কিয়নো বৰ্তমান পূৱ বৰাগাঁওৰ যি ঠাইত গুৱাহাটী পৌৰ নিগমে জাৱৰ পেলাই আছে তাৰ ব্যৱধান পূৰ্বৰ ডাম্পিঙ গ্ৰাউণ্ডৰ পৰা ব্যৱধান মাত্ৰ প্ৰায় ৭০০ মিটাৰ!

বেলৰ তলৰ ৭০ বিঘা মাটিত জাৱৰ পেলোৱাৰ বাবে ব্যৱহাৰ কৰিছে গুৱাহাটী পৌৰ নিগমে !

পুনৰ এবাৰ যেন দীপৰ বিলক প্ৰদুষিত কৰাৰ কূট-কৌশলত নামিছে গুৱাহাটী পৌৰ নিগম।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পূৰ্বে দৈনিক ৫০০ মেট্ৰিক টন জাৱৰ পেলাইছে যদিও আজিৰ দিনত দৈনিক ৫৫০ টন জাৱৰ পেলোৱা হয় বুলি গুৱাহাটী পৌৰ নিগমৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।

অৰ্থ্যাৎ যদিহে দৈনিক ৫ লাখ ৫০ হাজাৰ কিল’গ্ৰাম জাৱৰ পেলোৱা হয় তেন্তে উক্ত জাৱৰৰ দ’ম পুৰণি জাৱৰৰ দ’মৰ সৈতে লগ লাগিবলৈ বেছি সময় নালাগিব।

ইপিনে, ১৪ বছৰ ধৰি গুৱাহাটী পৌৰ নিগমে পেলোৱা জাৱৰে পৰ্বতসম ৰূপ লৈছিল যদিও বৰ্তমানলৈকে জাৱৰখিনি আঁতৰোৱা হোৱা নাই পশ্চিম বৰাগাঁওৰ এই অঞ্চলৰ পৰা।

তদুপৰি, এমাহৰ ভিতৰত, প্ৰতিদিনে উৎপন্ন হোৱা প্ৰায় ৫৫০ টন আৱৰ্জনা শোধন কৰিবলৈ চহৰৰ উপকণ্ঠৰ পূব বৰাগাঁৱত প্ৰায় ৬৭ বিঘা মাটিত আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প আৰম্ভ কৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহতে উল্লেখ কৰিছিল।

কিন্তু সেয়া বৰ্তমানলৈকে হৈ উঠিছে নে নাই বৰ্তমানো জানিব পৰা হোৱা নাই।

এই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলো গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে। কিন্তু তেওঁৰ সাক্ষাৎ লাভ কৰিব নোৱাৰিলো তথা ফোনযোগেও তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰিলো।

আনহাতে, ২০২১ চনৰ ২৬ জুনৰ পৰা চেপ্তেম্বৰ মাহলৈকে প্ৰায় তিনিমাহ চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমিত জাৱৰ পেলাইছিল গুৱাহাটী পৌৰ নিগমে ।

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চন্দ্ৰপুৰক গুৱাহাটী পৌৰ নিগমে জাৱৰৰ নগৰীলৈ পৰ্য্যবেশিত কৰাৰ প্ৰতিযোগিতাত নামিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ পাছতে উক্ত স্থানত জাৱৰ পেলোৱা বন্ধ কৰিলে গুৱাহাটী পৌৰ নিগমে ।

যোৱা ২১ জানুৱাৰীৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এক নিৰ্দেশনাৰ জৰিয়তে চন্দ্ৰপুৰত জাৱৰ পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে জাৱৰখিনি কেতিয়া চন্দ্ৰপুৰৰ পৰা উঠাই আনিব তাৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু চৰকাৰৰ গুৱাহাটী উন্নয়ন দপ্তৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছিল। কিন্তু বৰ্তমানলৈকে সেই জাৱৰৰ দ’ম চন্দ্ৰপুৰৰ পৰা উঠাই অনা হোৱা নাই।

তাৰ পাছতে ২০২১ চনৰ আগষ্ট মাহৰ পৰা পূৱ বৰাগাঁওৰ বেলৰ তলত জাৱৰ পেলোৱা আৰম্ভ কৰিলে গুৱাহাটী পৌৰ নিগমে। যিটো স্থানত গুৱাহাটী পৌৰ নিগমে জাৱৰ পেলাইছে তাৰ পৰা পূৰ্বৰ জাৱৰ পেলোৱাৰ স্থান প্ৰায় ৭০০ মিটাৰহে।

পুনৰ এবাৰ যেন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা উলংঘন কৰিছে গুৱাহাটী পৌৰ নিগমে। ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অৰণ্যক নামৰ সংস্থাটোৰ সভাপতি বিভৱ তালুকদাৰে।

তালুকদাৰে কয় “বিজ্ঞানসন্মতভাৱে জাৱৰৰ পৃথকীকৰণ কৰাৰ ব্যৱস্থা কৰক গুৱাহাটী পৌৰ নিগমে । দীপৰ বিলৰ ওচৰত এনেধৰণৰ জাৱৰৰ দ’ম নকৰাটোৱেই উত্তম।”

“ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাৰ পৰ্য্যালোচনা কৰাৰ দৰকাৰ গুৱাহাটী পৌৰ নিগমৰ।” তালুকদাৰে লগতে কয়।

ইপিনে, বেলৰ তলত যোৱা আগষ্ট মাহৰ পৰা জাৱৰ পেলোৱা আৰম্ভ কৰাৰ পাছত সেই অঞ্চলৰ স্থানীয় বাসিন্দাসকলো যথেষ্ট অসুবিধাৰ মাজত দিন কটাবলগীয়া হৈছে। তেওঁলোকে দুৰ্গন্ধময় পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে।

কিন্তু গুৱাহাটী পৌৰ নিগমে গোন্ধ নিবাৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস যোৱা বৰ্ষৰ আগষ্ট মাহৰ পৰা দি আহিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ স্থানীয় বাসিন্দাৰ।

এটা কথা স্পষ্ট যে, গুৱাহাটী পৌৰ নিগমৰ সুদূৰপ্ৰসাৰী কাৰ্য্যপন্থাৰ অভাৱৰ বাবে বাৰেপতি বিজ্ঞানসন্মত জাৱৰ নিস্কাষণৰ ক্ষেত্ৰত উজুটি খাবলগীয়া হৈছে। উদাহৰণ স্বৰূপে, ২০১৪ চনতে মহানগৰীৰ বোন্দাত ৰেমকিৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা শক্তি উৎপাদনৰ চিন্তা চৰ্চা কৰিছিল যদিও সেয়াও আজি পৰ্য্যন্ত সম্পূৰ্ণ হৈ নুঠিল। ঠিক সেইদৰে ৰামকিৰ সৈতে ২০০৮ চনতে পশ্চিম বৰাগাঁৱৰ জাৱৰ পেলোৱা স্থানত জাৱৰৰ পৰা শক্তি সম্পৰ্কীয় এখন চুক্তি স্বাক্ষৰ হৈছিল যদিও ২০১৪ চনত উক্ত প্ৰতিষ্ঠানৰ সৈতে থকা চুক্তি বাতিল কৰিছিল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd