NORTHEAST NOW (Assamese)

ফাঁচী বজাৰৰ জেইল ৰোডত পৌৰ নিগমৰ অভিযান; জাননী নিদিয়াকৈ উচ্ছেদৰ অভিযোগ ব্যৱসায়ীৰ

April 12, 2021 1:43 pm · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

সোমবাৰে পুৱা হঠাতে ফাঁচী বজাৰৰ জেইল ৰোডৰ ফলমূলৰ ব্যৱসায়ৰ দোকানসমূহত পৌৰ নিগমে JCB ৰে উচ্ছেদ অভিযান চলায়।

ইপিনে, জাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ তুলিছে ব্যৱসায়ীসকলে।

৪০ বছৰৰো অধিক কাল ব্যৱসায় কৰি আহিছিল বুলি দাবী কৰি ব্যৱসায়ী সকলে এই উচ্ছেদৰ ফলত লক্ষাধিক টকাৰ ফলমূল নষ্ট হোৱাৰ কথা সদৰী কৰে।

তদুপৰি, উচ্ছেদৰ সময়ত ব্যৱসায়ীসকলক মাৰধৰ কৰাৰো অভিযোগ তুলিছে ভুক্তভোগী ব্যৱসায়ীসকলে।

পথৰ কাষৰ দোকানৰ বিৰুদ্ধে চলোৱা পৌৰ নিগমৰ অভিযানৰ সময়ত  কেইবাখনো দোকান ভাঙি দিয়া হয়।

পদপথত অনুজ্ঞাপত্ৰ অবিহনে বহা শাক-পাচঁলিৰ লগতে ফল-মূলৰ দোকান সমূহে পদপথচাৰীৰ যাতায়াতত অসুবিধাৰ সৃষ্টি কৰি অহাৰ অভিযোগৰ মাজতে পৌৰনিগমে এইদৰে আজি উচ্ছেদ অভিযান চলায়।

Related News