মহানগৰবাসীলৈ মাইকযোগে সতৰ্কবাণী প্ৰেৰণ অভিযান গুৱাহাটী পৌৰ নিগমৰ

পদপথ দখল কৰি ব্যৱসায় কৰি থকাসকলকো সতৰ্কবাণী

মহানগৰীত বাস কৰা তথাকথিত সভ্য নাগৰিকসকলক তেওঁলোকৰ ‘লেতেৰা’ স্বভাৱৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰিব লগীয়াৰ দৰে দুৰ্ভাগ্যজনক পদক্ষেপ ল’ব লগীয়া হ’ল গুৱাহাটী পৌৰ নিগমে। আজি পৌৰ নিগম আৰক্ষী আৰু পৌৰকৰ্মীসকলে যুটীয়াভাৱে মহানগৰীৰ কেইবা ঠাইতো এনে সতৰ্কবাণী প্ৰেৰণৰ অভিযান চলায়।

গুৱাহাটীৰ চানমাৰি, শিলপুখুৰী আদিত আজি পৌৰকৰ্মী আৰু পৌৰ নিগম আৰক্ষীয়ে হাতে হাতে প্লেকাৰ্ড লৈ মহানগৰবাসীক য’তে-ত’তে থু-পিক নেপেলাবলৈ আহ্বান জনায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক সহযোগ কৰিবলৈও অনুৰোধ জনায়।

“য’তে-ত’তে পিক, জাবৰ-জোঁথৰ পেলাই পৌৰ নিগমকৰ্মীৰ কামবোৰ জটিল কৰি নুতুলিব।” এয়া হ’ল মহানগৰীখনৰ সভ্য নাগৰিকসকলৰ জাবৰ-জোঁথৰবোৰ চাফা কৰি ৰাখিবলৈ সদায়ে চষ্টা কৰি অহা পৌৰকৰ্মীসকলৰ আহ্বান।

তাৰোপৰি ‘লেতেৰা’ নাগৰিকসকলক এই নিয়ম ভংগ কৰিলে জৰিমনাৰ সন্মুখীন হ’বলৈও সতৰ্কবাণী প্ৰেৰণ কৰে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা। মাইকযোগী পৌৰ নিগমৰ বিষয়াই সকলো নাগৰিককে সতৰ্ক কৰি দিয়ে যে য’তে-ত’তে পিক পেলোৱা লোকক জৰিমনা বিহা হ’ব।

“য’তে-ত’তে থু-পিক পেলালে গুৱাহাটী পৌৰ নিগমে বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হ’ব।” পৌৰ নিগমৰ এজন বিষয়াই এইদৰে মাইকযোগে সতৰ্ক কৰি দিয়ে। বিষয়াজনে লগতে মহানগৰৰ নাগৰিকসকলক উদ্দেশ্যি কয়. “পৌৰ নিগমৰ লগতে আপোনালোকৰো দায়িত্ব আছে।”

আনহাতে যিবোৰ ব্যক্তিগত আৱাস বা বাণিজ্যিক প্ৰতিষ্ঠানৰ সন্মুখত জাবৰ পোৱা হ’ব, সেইবোৰৰ স্বত্বাধিকাৰী বা কৰ্তৃপক্ষকো ‘জৰিমনা বিহা হ’ব’ বুলিও স্পষ্ট কৰি দিয়ে।

“জাবৰ সংগ্ৰহৰ বাবে পৌৰ নিগমে নিয়োজিত কৰা এন জি অ’ক নিয়মিতভাৱে জাবৰ-জোঁথৰ দিবলৈ অনুৰোধ জনোৱা হ’ল। অন্যথা যিটো ব্যৱসায়িক প্ৰতিষ্ঠান বা আৱাসগৃহৰ সন্মুখত জাবৰৰ দ’ম পোৱা হ’ব, গুৱাহাটী পৌৰ নিগমে নিয়ম অনুযায়ী জৰিমনা বিহিব।” ঘোষণাটোত বিষয়াজনে কয়।

বিষয়াজনে ঘোষণাৰ জৰিয়তে পদপথত দোকান দি পথচাৰীৰ বাবে অসুবিধাৰ সৃষ্টি কৰা ব্যৱসায়ীসকলকো সতৰ্ক কৰি দিয়ে। “পথচাৰীৰ বাবে পথ মুকলি কৰি নিদিলে পৌৰ নিগমে ব্যৱস্থা ল’ব” বুলি কয় বিষয়াজনে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও গুৱাহাটী পৌৰ নিগমে নলা-নৰ্দমাত জাবৰ নিক্ষেপণ, য’তে-ত’তে থু-পিক পেলোৱাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল। গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ৰ ২৭২ নং ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা বুলি জানিবলৈ দিছিল গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই।