NORTHEAST NOW (Assamese)

দিল্লীত চিকিৎসকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে GMCH ৰ চিকিৎসকৰ প্ৰতিবাদ

December 29, 2021 2:13 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

দিল্লীত চিকিৎসকৰ ওপৰত দিল্লী আৰক্ষীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে অসমতো প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰাজ্যৰ কণিষ্ঠ চিকিৎসক সকলে আজি কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শান্তিপূৰ্ণক ভাবে প্ৰতিবাদ কৰাৰ পাছত দিল্লী আৰক্ষীয়ে দিল্লীৰ চিকিৎসকৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে কণিষ্ঠ চিকিৎসক সকলে।

বুধবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে GMCH ৰ কণিষ্ঠ চিকিৎসকসকলে।

NEET-পিজি কাউঞ্চিলিং পলম হোৱাৰ বাবে দিল্লীৰ চিকিৎসকে প্ৰতিবাদী সমদল বাহিৰ কৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সময়ত চিকিৎসকক আটক কৰে দিল্লী আৰক্ষীয়ে।

উল্লেখযোগ্য যে, চফদৰজং চিকিৎসালয়কে ধৰি কেইবাখনো মুখ্য চৰকাৰী চিকিৎসালয়ৰ আৱাসী চিকিৎসকসকলে দাবীসমূহ পূৰণ নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

Related News