দলীয় বিসম্বাদৰ বাতৰি অস্বীকাৰ গোৱা কংগ্ৰেছৰ: বিজেপিৰ বিৰুদ্ধে ভূৱা প্ৰচাৰৰ অভিযোগ

Goa Congress

বিধানসভা অধিৱেশনৰ মাত্ৰ এদিন পূৰ্বে গোৱা কংগ্ৰেছৰ একাংশ নেতাই দলীয় বিসম্বাদৰ সূচনা কৰি শাসকীয় বিজেপিৰ সৈতে মিলিত হোৱা বুলি সম্প্ৰচাৰিত হোৱা বাতৰি অস্বীকাৰ কৰিছে গোৱা কংগ্ৰেছে।

ৰাজ্যখনৰ কংগ্ৰেছ মুৰব্বী অমিত পাটকাৰে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি এইয়া বিজেপিৰ অপপ্ৰচাৰ বুলি অভিযোগ কৰিছে।

উল্লেখ্য যে আজি পুৱাৰ ভাগত এখন দলীয় সভাত কংগ্ৰেছৰ সাতগৰাকী বিধায়ক উপস্থিত নাছিল বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল। অনুপস্থিত বিধায়কসকলে শীঘ্ৰেই বিজেপিমুখী হোৱাৰ সম্ভাৱনাক লৈও চৰ্চা আৰম্ভ হৈছিল।

কিন্তু গোৱা কংগ্ৰেছৰ সভাপতি অমিত পাটকাৰে কংগ্ৰেছে দলৰ মাজত কোনো ধৰণৰ বিভাজন হোৱা নাই বুলি স্পষ্ট কৰি দিছে আৰু আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বে বিৰোধী দলটোৰ বিৰুদ্ধে এনে অপপ্ৰচাৰত নামি পৰিছে বুলি অভিযোগ কৰিছে।

আনহাতে সভাত উপস্থিত নথকা কংগ্ৰেছ বিধায়ক এলেক্সো চেকুয়েৰাই এক বিবৃতিত কয়, “সাতোগৰাকী বিধায়ক সভাত উপস্থিত আছিল। এয়া মাত্ৰ এক সৌজন্যমূলক সাক্ষাৎ আছিল আৰু সেয়ে মোক হাইকমাণ্ডে সভালৈ মতা নাছিল।”

উল্লেখ্য যে গোৱাৰ ৪০ জনীয়া বিধানসভাত শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন এন ডি এ গোটৰ ২৫ জন আৰু বিৰোধী কংগ্ৰেছৰ ১১ জন বিধায়ক আছে।

চলিত বৰ্ষৰ আৰম্ভণিতে গোৱা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে সকলো বিধায়কক দল সলনি নকৰাৰ আনুগত্যৰ প্ৰতিশ্ৰুতি ল’বলৈ বাধ্য কৰিছিল।

গোৱা কংগ্ৰেছত অন্তিমবাৰৰ বাবে ২০১৯ চনত দলীয় বিভাজন সৃষ্টি হৈছিল। সেইবাৰ দলৰ অধিকাংশ বিধায়কে বিজেপিলৈ দল সলনি কৰিছিল।