এশৰো অধিক যাত্ৰী কঢ়িওৱা গ’ এয়াৰৰ বিমানত বিজুতি; গুৱাহাটীত জৰুৰীভাৱে অৱতৰণ

GoAir

প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ পৰা কলকাতা অভিমুখী গ’ এয়াৰৰ এখন বিমানৰ উৰণৰ সময়তে যান্ত্ৰিক বিজুতি ঘটাত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত।

জানিব পৰা মতে বিমানখনৰ পাংখাত যান্ত্ৰিক বিজুতি ঘটিছিল আৰু ইয়াৰ কিছু ভগ্নাৱশেষ গুৱাহাটী বিমানবন্দৰৰ ওচৰত উদ্ধাৰ হৈছে।

গ’ এয়াৰৰ G8 546 নম্বৰৰ যাত্ৰীবাহী বিমানখনে ৰাতিপুৱা ১১.১৫ মিনিটত গুৱাহাটীৰ পৰা ১৩২ গৰাকী যাত্ৰী আৰু ৭ গৰাকী ক্ৰিউ মেম্বাৰসহ কলিকতা অভিমুখে ৰাওনা হৈছিল।

কিন্তু উৰণৰ ঠিক কিছু সময় পিছতেই হঠাৎ বিমানখনৰ যান্ত্ৰিক বিজুতি ঘটাত ১১.২৯ মিনিটত জুৰুৰীভাৱে গুৱাহাটী বিমানবন্দৰত বিমানখন অৱতৰণ কৰোৱা হয়।

বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি বিমানখনত থকা ক্ৰিউ মেম্বাৰসহ আটাইকেইগৰাকী যাত্ৰীয়ে সুৰক্ষিতভাৱে অৱতৰণ কৰিছে।

ইফালে বিমানবন্দৰৰৰ ওচৰত থকা এজন লোকে জানিবলৈ দি কয় যে ওচৰৰ কিছু গাঁওবাসীয়ে বিমানখনৰ ভগ্নাৱশেষ লৈ আহিছিল।

আনহাতে ইণ্ডিয়া টুডেত প্ৰকাশিত এজন লোকৰ ভাষ্য অনুসৰি, ‘সেই সময়ত, মই কোঠাৰ ভিতৰত আছিলো আৰু বিমান দুৰ্ঘটনাৰ দৰে এটা প্ৰচণ্ড শব্দ শুনিছিলো। সেই শব্দ শুনি মই হতবাক হৈছিলো’।