‘৩৫ নট আউট’: ৩৫ টা বসন্ত গৰকিলে ফুটবলৰ যাদুকৰে

Leo Messi Birthday

খেলপথাৰত ২২ জন খেলুৱৈ। সকলোৰে দৃষ্টি নিবদ্ধ এগৰাকী খেলুৱৈৰ ওপৰত। নিপুণ ক্ৰীড়াশৈলীৰ অভিনৱ প্ৰদৰ্শনেৰে বিপক্ষৰ খেলুৱৈৰ মাজেৰে আগলৈ বল ঠেলি আগুৱাই গৈছে এই বিশেষ খেলুৱৈগৰাকী। তাৰ পিছতে ‘মেজিকেল লেফ্ট ফুটে’ৰে নেটলৈ লক্ষ্য কৰি নান্দনিকভাৱে ঠেলি দিছে বল। তাৰ পিছতে চাৰিওফালে হৰ্ষোল্লাস! — ফুটবলৰ এই চিনাকি দৃশ্যৰ চমৎকাৰী নায়কজনৰ নাম লিঅ’নেল মেছি। মাত্ৰ ১১ বছৰ বয়সতে Growth Hormone Deficiency ৰোগত ভুগিও ন উদ্যমেৰে বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠিত হৈ পৰা আৰ্জেণ্টিনাৰ এই মহান ফুটবলাৰগৰাকীয়ে গৰকিলে জীৱনৰ ৩৫ টা বসন্ত। বিশ্বৰ অগনণ ফুটবল অনুৰাগী, প্ৰাক্তন ফুটবলাৰ আৰু ফুটবল বিশেষজ্ঞৰ ভাষাত ‘এলিয়েন’ ‘G.O.A.T’ খ্যাত মেছিয়ে ৩৫ বছৰৰ পিছতো মোহাচ্ছন্ন কৰি ৰাখিছে ফুটবল প্ৰেমী সকলক।

জীৱনৰ ৩৪ টা বসন্ত অতিক্ৰমি ৩৫ ত ভৰি দিয়া ফুটবল তাৰকাগৰাকীৰ কেইটামান বিশেষ মুহূৰ্তৰ ছবি-

 

শিশু কালত মেছি

 

শৈশৱতে উন্মেষ ঘটিছিল সেই বিশেষ প্ৰতিভাৰ

 

নেৱেলছ্ অল্ড বয়জ ক্লাৱত অংকুৰিত হৈছিল ভৱিষ্যতৰ এক সোণালী ইতিহাসৰ

 

বাৰ্চিলোনাৰ জুনিয়ৰ ক্লাৱৰ হৈ অনুশীলনৰত মেছি

 

এক স্বৰ্ণিল ইতিহাসৰ বীজ ৰোপন: বাৰ্চিলোনাৰ মূল দলৰ হৈ অভিষেক

 

বাৰ্চিলোনাৰ জাৰ্চীৰে প্ৰথমটো গল

 

আৰ্জেণ্টাইন ফুটবলৰ নৱজাগৰণৰ প্ৰাথমিক ক্ষণ: ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক

 

আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গল স্ক’ৰ কৰাৰ পিছত

 

প্ৰথমবাৰৰ বাবে ‘নম্বৰ ১০’ জাৰ্চীত

 

কেৰিয়াৰৰ প্ৰথমটো উৱেফা চেম্পিয়নছ্ লীগ খিতাপ জয়ৰ পাছত

 

কেৰিয়াৰৰ প্ৰথমটো বেল’ন ডি অ’ৰ সন্মান

 

২০১৪ ৰ ব্ৰাজিল বিশ্বকাপৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত হৈ শোকত ভাগি পৰা মেছি

 

অপেক্ষাৰ অৱসান: প্ৰথমটো আন্ত: ৰাষ্ট্ৰীয় খিতাপত আকাংক্ষিত চুম্বন

 

বাৰ্চিলোনাৰ জাৰ্চী পৰিধান কৰি অন্তিম মেচত ভাগ লৈ আবেগ বিহ্বল হৈ পৰাৰ মুহূৰ্তত

 

ফৰাচী ক্লাৱ পেৰিছ ছেইন্ট জাৰ্মেইনৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত

 

সাতটাকৈ বেল’ন ডি অ’ৰ সন্মান লাভেৰে অনবদ্য খ্যাতি

 

পৰিয়ালৰ সৈতে এক সুখকৰ মুহূৰ্তত

 

কেতিয়া পূৰণ হ’ব এই দুৰ্বাৰ স্বপ্ন!