দুটা ভাগত বিভাজন হ’ল ১২৭ বছৰ পুৰণি গডৰেজ কোম্পানী; সম্পত্তিৰ ভাগ-বটৰা সম্পূৰ্ণ

১২৭ বছৰীয়া গডৰেজ কোম্পানীটো ভাঙি গৈছে। চাবোনৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰী, ৰিয়েল এষ্টেটৰ পৰা আৰম্ভ কৰি প্ৰসাধন সামগ্ৰী, প্ৰচেছড ফুডলৈকে সকলোতে গডৰেজ আছিল এক বিশ্বাসযোগ্য নাম। সেই কোম্পানীটোৰ ৫৯ হাজাৰ কোটি টকাৰ সম্পত্তি বিভাজনৰ পথত। এই সন্দৰ্ভত এখন চুক্তিও কাৰ্যকৰী কৰা হৈছে।

গডৰেজৰ মালিক আদি গডৰেজ আৰু তেওঁৰ ভাতৃ নাদিৰৰ হাতত থাকিব গডৰেজ ইণ্ডাষ্ট্ৰীজ। যাৰ হাতত আছে পাঁচটা তালিকাভুক্ত কোম্পানী। সম্পৰ্কীয় ভাই-ভনী জামছেদ আৰু স্মিতাৰ হাতত থাকিব তালিকাভুক্ত নোহোৱা গডৰেজ এণ্ড বয়ছ আৰু ইয়াৰ সহযোগী কোম্পানী লেণ্ড বেংক অৰ্থাৎ মুম্বাইৰ অভিজাত অঞ্চলৰ মাটি আৰু সম্পত্তি।

লগতে পঢ়কঃ IPL 2024: গাঁথি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

প্ৰতিষ্ঠিত পৰিয়ালটোৰ মুঠ সম্পত্তি দুটা ভাগত ভাগ কৰা হৈছে। এফালে আছে ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ভাতৃ নাদিৰ (৭৩)। আনহাতে, তেওঁলোকৰ খুলশালীয়েক হ’ল ৭৫ বছৰীয়া জামছেদ গডৰেজ আৰু ৭৪ বছৰীয়া স্মিতা গডৰেজ কৃষ্ণা। এই তথ্য গডৰেজ গ্ৰুপৰ হৈ এক বিবৃতিত অৱগত কৰা হৈছে।

জামছেদ গডৰেজ গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। যিটো কোম্পানীৰ হাতত আছে গডৰেজ এণ্ড বয়ছৰ আৰু ইয়াৰ স্বীকৃতিপ্ৰাপ্ত অসংখ্য উদ্যোগ। ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা বিমান পৰিবহণৰ পৰা আৰম্ভ কৰি আচবাবপত্ৰ, ইন্চেৰিয়ৰ ডেকোৰেছন আৰু আই টি চফটৱেৰলৈকে। স্মিতাৰ কন্যা নাইৰিকা হোলকাৰ (৪২) হৈছে কাৰ্যবাহী সঞ্চালিকা।

এই পৰিয়ালটোৰ হাতত আছে মুম্বাইৰ অভিজাত এলেকাত ৩৪০০ একৰ ভূমি বেংক। গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ হাতত থাকিব গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফছায়েন্সেছ। ইয়াৰ অধ্যক্ষ হৈছে নাদিৰ গডৰেজ। আদি গডৰেজ হ’ব ইয়াৰ নিয়ন্ত্ৰক।

লগতে পঢ়কঃ ভুৱা এনকাউণ্টাৰৰ তদন্তৰ সম্পৰ্কত অসম চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

বিবৃতিটোত লগতে কোৱা হৈছে যে ডাঙৰ পুত্ৰ পিৰোজছা গডৰেজ (৪২) জিআইজিৰ এক্সিকিউটিভ ভাইচ চেয়াৰমেন হব। ২০২৬ চনত তেওঁ চেয়াৰপাৰ্ছন হিচাপে যোগদান কৰিব। গডৰেজ কোম্পানীয়ে কয় যে সম্পত্তিৰ বিভাজন পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে কৰা হৈছে। এটা আপোচ কৰা হৈছে যে দুয়োটা গোটে গডৰেজ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰিব পাৰিব। বিভাজনৰ পিছত দুয়োটা পক্ষই আনটো কোম্পানীৰ পৰা পদত্যাগ কৰিছে।