• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ঘোষিত বিদেশী”, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাৰ বিৰুদ্ধে গোচৰ দিয়াজনক গ্ৰেপ্তাৰ কৰিব লাগে : তৰুণ গগৈ

প্ৰাক্তন সেনা বিষয়াজনক গ্ৰেপ্তাৰত মুখ্যমন্ত্ৰী সোণোৱালৰ এতিয়ালৈকে প্ৰতিক্ৰিয়া নাই কিয়, গগৈৰ প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2019 8:14 pm
Modi shows misery in giving cabinet berths to Assam MPs, says former CM Tarun Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ঘোষিত বিদেশী” তথা বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা তথা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ দিয়াজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শুকুৰবাৰে দিচপুৰস্থিত চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰাৰ সময়ত গগৈয়ে প্ৰসংগক্ৰমে এই দাবী কৰে।

উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণে “বিদেশী” ঘোষণা কৰাৰ পিছত যোৱা ২৯ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰ্গিল যুদ্ধৰ সময়ত সেনা বিষয়া হিচাপে কৰ্মৰত মহম্মদ ছানাউল্লাহক।

গগৈৰ প্ৰশ্ন “কাৰ্গিল যুদ্ধ কৰা এজন সৈনিক, ৰাষ্ট্ৰপতিৰ সন্মান পাইছিল আৰু সীমা শাখাৰ উপ পৰিদৰ্শক। তেনে এজন প্ৰকৃত ভাৰতীয় লোকক যদি ডিটেনশ্যন কেম্পত থ’ব লগীয়া অৱস্থা হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক কি হ’ব পাৰে?”

“যিজনে গোচৰ দি অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক ডিটেনশ্যন কেম্পলৈ পঠালে, তেওঁকহে গ্ৰেপ্তাৰ কৰিব লাগে। বিষয়াজনে যদি কাৰ্গিল যুদ্ধ কৰাৰ এই চৰকাৰখনে জানে, তেন্তে কিয় তেওঁক লগে লগে মুকলি কৰি নিদিলে?”, গগৈৰ মন্তব্য।

ইপিনে, এই সমগ্ৰ ঘটনাৰ পাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত আশ্চৰ্য্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“কিয় সৰ্বানন্দ সোণোৱাল নিমাত? সৈনিকজনৰ ক্ষেত্ৰত চৰকাৰে যিধৰণে তদন্ত কৰিব লাগিছিল কৰা নাই, ডাইৰেক্ট সুমুৱাই থৈ দিলে। তেওঁক মুকলি কৰি দিয়াটোৱে মই বিচাৰো”, গগৈৰ ভাষ্য।

প্ৰকৃত ভাৰতীয়কো বিদেশী সজাই হাৰাশাস্তি কৰিছে বুলি কৈ গগৈয়ে কয়,

“সৰভোগ সমষ্টিৰ অমৃত দাস নামৰ বেঙ্গলী হিন্দু লোকজনে ডিটেনশ্যন কেম্পত চুইচাইড কৰিছে। চামগুৰিৰো এজনে চুইচাইড কৰিছে। এনে ধৰণে যদি ভাৰতীয় নাগৰিকে চুইচাইড কৰিব লগীয়া হয়, এইখন কি ভাৰতবৰ্ষ হৈ আছে? পৃথিৱীত এনে উদাহৰণ নাই, য’ত নিজৰ দেশৰে নাগৰিকজনক জেইলত ভৰাই থৈ দিয়ে”, গগৈৰ মন্তব্য।

ইপিনে, এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে প্ৰথম অৱস্থাত বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত একেবাৰে গুৰুত্ব নিদিয়া বুলিও গগৈয়ে কয়।

“এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ প্ৰথমতে যি চিৰিয়াছনেছ আছিল, বৰ্তমান নাই। যাৰ ফলত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে আৰু কিছুমান বিদেশীৰ নাম সোমাইছে। আগৰ পৰাই কৈ আহিছো এন আৰ চিখন ৱেইষ্ট পেপাৰ হ’বগৈ। উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দি থকাৰ পাছতো এওঁলোকে উচ্চতম ন্যায়ালয়কো কেয়াৰ কৰা নাই”, গগৈৰ মন্তব্য।

আনহাতে ‘অসমত কংগ্ৰেছ দুৰ্দশাত ভুগিছে নেকি’ বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “সভাপতি ৰিপুণ বৰা নাথাকিলে কংগ্ৰেছ নাইকিয়া হ’ব নেকি? আগতে শৰৎ সিংহ নাইকিয়া হ’ল, ডি কে বৰুৱা নাইকিয়া হ’ল, কংগ্ৰেছ নাইকিয়া হৈ গ’ল নেকি? নেতা আহিব আৰু যাব।”

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে আজি “কংগ্ৰেছত নতুন মুখ আনিব নোৱৰাৰ বাবে বিজেপি জয়ী হ’ল” বুলি অকপটে স্বীকাৰ কৰে।

“নতুন নেতা আনিব লাগিব। আমাৰ দিনত যিবোৰ নেতা আনিছিলো, সেইবোৰ এতিয়া বয়সীয়া হ’ল। এতিয়া ডেকা নেতা নায়েই, গতিকে নতুন ডেকা নেতা আনিব লাগিব”, গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd