FIFA ban AIFF Impact: প্ৰধানমন্ত্ৰী মোডীৰ ফোনেও নিদিলে কাম; হতাশ হৈ ঘৰলৈ উভতিছে গোকুলম কেৰালা এফ চি

Gokulam Kerala FC asked to return অচলাৱস্থা দূৰ কৰিবলৈ গোকুলম কেৰালা এফ চি মহিলা দলৰ কাষত থিয় দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আনকি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়েও সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু এইবোৰ একোৱে কামত নাহিল। অৱশেষত গোকুলম কেৰালা মহিলা দলটোৱে নেখেলাকৈয়ো ঘৰলৈ উভতি আহিবলগীয়া হ’ল।

গোকুলাম কেৰালা মহিলা দলটো এএফচি মহিলা চেম্পিয়নশ্বিপ (AFC Championship) খেলিবলৈ তাছখন্দলৈ গৈছিল। কিন্তু ফিফা সদয় নহ’ল। গতিকে গোকুলম টীম মেনেজমেন্টে ঘৰলৈ উভতি অহা বিমান বিচাৰিছে।

লগতে পঢ়ক: ঋণ বিচৰা গ্ৰাহকক ব্লেকমেইল কৰি ৫০০ কোটি টকা সৰকোৱা চক্ৰ উৎখাত; ২২ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

ক্লাবটোৰ সভাপতি ভিচি প্ৰবীণে কয়, “আমি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁলোকে কৈছে যে ফিফা আৰু এএফচিয়ে তেওঁলোকৰ অনুৰোধ নুশুনিব। আয়োজকসকলেও আমাক জনাই দিছে যে আমি খেলিব নোৱাৰিম। গতিকে দলটো উভতি আহিব।‘’

তেওঁ লগতে কয়, ‘’দেওবাৰে উভতি অহাৰ চেষ্টা কৰা হৈছিল যদিও যিহেতু কোনো বিমান নাই, সেয়ে দলটো সোমবাৰে বা মঙলবাৰে দেশলৈ উভতি আহিব। ফুটবলখেলুৱৈসকল বহুত হতাশ হৈছে। তেওঁলোকৰ বা ক্লাবৰ দোষ নথকা স্বত্বেও তেওঁলোকে ভুগিব লগা হ’ল।‘’

লগতে পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

উল্লেখ্য যে যোৱা ১৬ আগষ্টত ফিফাই অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক নিষিদ্ধ কৰিছিল। সেই সময়ত গোকুলমে প্ৰতিযোগিতাখন খেলিবলৈ তাছখন্দত উপস্থিত হৈছিল। তাৰ পৰা, তেওঁলোকে বিমানেৰে কাৰ্শী চহৰলৈ গৈ মেচখন খেলাৰ কথা আছিল। কিন্তু ফিফাৰ নিৰ্বাসনৰ বাবে ৰাতিটোৰ ভিতৰতে ভৱিষ্যত অনিশ্চিত হৈ পৰে। কিয়নো নিষিদ্ধ হোৱাৰ বাবে ভাৰতৰ কোনো ক্লাবে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে।