গোলাঘাট অধিবক্তা সন্থাৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ

আজি বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ আহ্বানমৰ্মে অধিবক্তা সকলৰ বিভিন্ন দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ আহ্বান জনাই সমগ্ৰ দেশৰ অধিবক্তা সন্থাসমূহৰ লগতে গোলাঘাট অধিবক্তা সংস্থায়ো দেশৰ প্ৰধান মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সন্থাৰ তৰফৰ পৰা সভাপতি মহেন্দ্ৰ নাথ দত্ত আৰু সম্পাদক দুৰ্গা প্ৰসাদ জয়ছোৱালে জিলা উপায়ুক্তক উক্ত স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই ন্যায়পালিকাৰ মূল অংগ অধিবক্তাসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰিছিল। উক্ত দাবীসমূহৰ ভিতৰত অধিবক্তাসকলৰ বৃত্তিগত সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্য্যাপ্ত সা-সুবিধা প্ৰদানৰ বাবে দেশৰ প্ৰতিখন অধিবক্তা সন্থাৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা। প্ৰতিখন বাজেটত ৫ হাজাৰ কোটি অনুমোদন দিয়া যাতে উক্ত অৰ্থৰদ্বাৰা অধিবক্তা আৰু তেওঁলোকৰ পৰিয়ালসমূহক বীমাৰ অন্তৰ্ভুক্ত কৰা।

তাৰোপৰি ৫ বছৰ পৰ্যন্ত নতুন অধিবক্তাসকলক মাহে ন্যূনতম দহ হাজাৰ টকাকৈ খোৰাকী দিয়াৰ ব্যৱস্থা কৰা, অনাকাংক্ষিত অথবা অকাল মৃত্যু হোৱা অধিবক্তা আৰু পৰিয়ালৰ বাবে অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা কৰা আদি পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰি অধিবক্তা সকলে যাতে ভূমি আৰু বাসগৃহৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে আঁচনি লোৱা, আইন সেৱা প্ৰাধিকাৰী আইনে যাতে অধিবক্তা সকলক সাঙুৰি লয় তাৰ বাবে প্ৰয়োজনীয় সংশোধন আদিৰ দাবী উত্থাপন কৰি আহিছে।

মন কৰিবলগীয়া যে যি সময়ত তেলেংগানা আৰু হাৰিয়ানা ৰাজ্য চৰকাৰে ৰাজ্যৰ অধিবক্তাসকলৰ কল্যাণৰ বাবে নিজস্বভাবে আঁচনি লৈছে তেনেস্থলত ২০১৪ বর্ষত কেন্দ্ৰীয় চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ পিছতে অধিবক্তাসকলৰ বাবে কল্যাণমূলক আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈকে বাস্তবায়িত নকৰিলে।

ফলত সৰ্বভাৰতীয় অধিবক্তা সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে কালি গোলাঘাট অধিবক্তা সন্থাই সন্থাৰ চৌহদত এক সজাগতা সভা অনুষ্ঠিত কৰে। আৰু আজি এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।