NORTHEAST NOW (Assamese)

দুই সংগঠনৰ সংঘাতৰ পৰিণতি; চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত প্ৰশাসনৰ তলা

July 3, 2019 11:58 am · ঋতুপল্লব শইকীয়া
ইন্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

গোলাঘাট নগৰৰ মাজমজিয়াত থকা চাহ মজদুৰ সংঘৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিত ২ জুলাই অৰ্থাৎ মঙলবাৰে জিলা প্ৰশাসনে কাৰ্যালয়টো অনিৰ্দিষ্ট কাললৈ তলা লগাই দিবলৈ বাধ্য হৈ পৰে।

মঙলবাৰে দুপৰীয়া গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত কাৰ্য্যালয়টত তলা লগাই বন্ধ কৰি দিয়া হয়।

উল্লেখযোগ্য যে গোলাঘাট নগৰৰ হেমচন্দ্ৰ গোস্বামী পথত অৱস্থিত চাহ শ্ৰমিক সকলৰ উক্ত কাৰ্যালয়টোক লৈ ভাৰতীয় চাহ মজদুৰ সংঘ আৰু অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ নেতাৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। উক্ত সংঘাতৰ বাবেই সমগ্ৰ বিষয়টো আদালতত বিচৰাধীন হৈ আছে। অৱশ্যে আদালতত গোচৰ চলি থকাৰ সময়তো ভাৰতীয় চাহ মজদুৰ সংঘই কাৰ্যালয়টোত কাম কাজ চলাই গৈছিল।

কিন্তু তাৰ মাজতে কালি অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিয়ে উক্ত কাৰ্যালয়ত এখন সভা অনুস্থিত কৰে আৰু বিবাদমান কাৰ্যালয়টোত সভা অনুষ্ঠিত কৰা বুলি জিলা প্ৰশাসনে জানিব পাৰে। জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনৰ সহযোগত প্ৰথমে ১৪৪ ধাৰা জাৰি কৰি কাৰ্যালয়টোত জাননী আৰি দিয়ে আৰু শ্ৰমিক সকলে সভা সামৰাৰ পাছতে কাৰ্যালয়টোকলৈ আদালতৰ গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত তলা লগাই ছীল কৰি দিয়ে ।

মনকৰিবলগীয়া যে শ্ৰমিক সংগঠন দুটাৰ একাংশ নেতাৰ খোৱা কামোৰাৰ বাবে সাধাৰণ চাহ শ্ৰমিক সকল হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে।

Related News