গোলাঘাট নিৰ্বাচন জিলা সাজু : ৬ টা ভোট গণনা কক্ষৰ ৩৩ খন টেবুলত হ’ব ভোট গণনা

ভোটগননা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক : উপায়ুক্ত

index.jpgaa

গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে অহা ২ মে’ত হ’বলগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাস চন্দ্ৰ মোদীয়ে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ভোট গণনাৰ প্ৰস্তুতিৰ বুজ লয়।

তেওঁ ভোটগণনাৰ দিনা ক’ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোট গণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভোটগণনা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে। লগতে ভোটগননা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে।

উপায়ুক্ত মোদীয়ে ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

উল্লেখযোগ্য যে গোলাঘাট ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। সেইদিনা ৬টা ভোট গণনা কক্ষত ৩৩ খনকৈ টেবুলত হ’ব ভোটগননা কৰা হ’ব।

প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ ভোটগণনা কক্ষ আৰু এটাকৈ পষ্টেল বেলট ভোটগননা কক্ষ থাকিব। প্ৰতিটো কক্ষত ৭ খনকৈ টেবুলত ভোটগণনা কৰা হ’ব। গোলাঘাট সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ৩ খন আৰু খুমটাই সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ২ খন টেবুল থাকিব।

ভোটগণনা কক্ষত পুৱা চাৰে ৭ বজাৰ ভিতৰত সকলো ভোট গণনাকাৰী বিষয়া- কৰ্মচাৰী প্ৰৱেশ কৰিব লাগিব।

ভোটগণনাৰ বাবে ১৮৭ গৰাকী ভোটগণনা চুপাৰভাইজৰ, ভোটগননা সহকাৰী আৰু মাইক্ৰ’ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।

স্মৰ্তব্য যে যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহণৰ পৰা ইভিএমসমূহ গাৰ্লছ পলিটেকনিকৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে।

গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৮০ শতাংশ ভোটদান হৈছিল।