সম্পূৰ্ণ লকডাউনৰ দিশে গোলাঘাট; ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধিয়ে সৃষ্টি কৰিছে জটিলতা

1800x

গোলাঘাটত কমা নাই ক’ভিড সংক্ৰমণৰ হাৰ। ক’ভিডে এক ভয়ংকৰ পৰিবেশ সৃষ্টি কৰা জিলাখনত দেওবাৰে পুনৰ দুজনকৈ লোকৰ মৃত্যুয়ে মৃত্যুৰ সংখ্যাও ৯৬ জনলৈ বৃদ্ধি কৰিলে।

সেইদৰে আজিলৈকে জিলাখনত ক’ভিড পজিটিভ সংখ্যা মুঠ ৯২৩৮ জন হৈছে। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি গোলাঘাট জিলা সম্পূৰ্ণ লকডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইফালে ভুক্তভোগীৰ অভিযোগ অনুসৰি ক’ভিড সংক্ৰমণৰ ক্ষেত্ৰতো  জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগে ল’বলগীয়া তৎপৰতা লোৱা নাই।

উল্লেখ্য যে, ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতো স্বাস্থ্য বিভাগে ল’বলগীয়া ব্যৱস্থা যেনে-সংক্ৰমিত ঠাইখিনি চেনিটাইজেশ্যন কৰা বা সংস্পৰ্শত অহা লোকসকলৰ ক’ভিড পৰীক্ষা কৰা আদি ব্যৱস্থা নকৰাৰ অভিযোগো উত্থাপন হৈছে।

আনহাতে, সংস্পৰ্শত অহা লোকে নিজে ৰিক্সা আদিত গৈহে ক’ভিড পৰীক্ষা কৰোৱা পৰিলক্ষিত হৈছে।

চৰকাৰী নিৰ্দেশ অনুসৰি যি সময়ত স্বাস্থ্য বিভাগৰ লোক আহি সংস্পৰ্শত অহা লোকসকলৰ পৰীক্ষা কৰাব লাগে তেনেসময়তো স্বাস্থ্য বিভাগৰ অমনোযোগিতাই মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

ইপিনে, চহৰখনত কাৰ্ফিউ চলি থকাৰ সময়তো বিনা মাক্সেৰে মানুহ ঘূৰি ফুৰাও পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত চৰকাৰী নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে জলাঞ্জলি দি মানুহ বিনাদ্বিধাৰে ঠাই বিশেষে জুম বান্ধি ফুৰিবলৈ ওলাই যোৱাও দেখা গৈছে।

আজিৰ তাৰিখতো জিলাখনত ২১৯৭ জন ক’ভিড ৰোগী সক্ৰিয় হৈ আছে।ইয়াৰে ১৩৬৫ জনক হ’ম আইছ’লেশ্যনত ৰখাৰ লগতে ৩৩৪ জন চিকিৎসালয় আৰু ৪৯৮ জনক ক’ভিড কেয়াৰ চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে।

এনেক্ষেত্ৰত  আৰু অধিক জটিল পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবেই এতিয়া গোলাঘাটত সম্পূৰ্ণ লকডাউন বিচাৰিছে সচেতন মহলে। অন্যথা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব গোলাঘাটবাসী।