গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি জুবিন গাৰ্গে গোলাঘাট জিমখানা ৰিজৰ্ট কৰ্তৃপক্ষৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা ঘটনাকলৈ গোলাঘাটত এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সমাজে এখনে নিমন্ত্ৰণ কৰি আনি আপ্যায়ন কৰা এগৰাকী অতিথিক ৰিজৰ্ট কৰ্তৃপক্ষই বলপূৰ্বক উলিয়াই পঠিওৱা কাৰ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে আৰু ভৱিষ্যতে কোনো শিল্পী,কলা-কুশলীক উক্ত হোটেলত থাকিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছে।
উল্লেখযোগ্য যে এইবাৰ জিমখানা ৰিজৰ্টৰ স্বত্বাধিকাৰী বিজয়লক্ষ্মী বৰুৱা আৰু দেৱশ্যাম বৰুৱাই সন্মিলনৰ উদ্যোক্তাসকলক সন্মিলনলৈ আমন্ত্ৰণ জনোৱা শিল্পীগৰাকীক তেওঁলোকৰ ৰিজৰ্টত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰখাৰ প্ৰস্তাৱ দিছিল আৰু সেই অনুযায়ী জুবিন গাৰ্গ উক্ত ৰিজৰ্টত আছিল। কিন্তু অনুষ্ঠানৰ অন্তত পিছদিনা জিৰণি লৈ থকা শিল্পীগৰাকীক তেওঁ নিজে ওলাই অহাৰ পূৰ্বেই জোৰকৈ কোঠা খালি কৰি ওলাই আহিবলৈ কৰ্তৃপক্ষই বাধ্য কৰে।
উক্ত কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে নিশা শিল্পী গৰাকীয়ে সোণাৰীত অনুষ্ঠিত বিহু সন্মিলনত ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আজি শিল্পী গৰাকীৰ উক্ত বক্তব্য সম্বলিত ভিডিও আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোলাঘাটৰ অন্যান্য দল- সংগঠন আৰু সুধী সমাজেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
আনকি দুই-এক সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে। মনকৰিবলগীয়া যে শিল্পী গৰাকীৰ কোঠাটোক লৈ সৃষ্টি হোৱা অসুবিধা সম্পৰ্কে ৰিজৰ্ট কৰ্তৃপক্ষই বিহু কমিটিক অৱগত কৰা নাছিল।
ইপিনে এই সমগ্র ঘটনা সম্পৰ্কত জিমখানাৰ তৰফৰ পৰা দেৱশ্যাম বৰুৱাই জনোৱা মতে তেওঁলোকে এটা দিনৰ বাবে শিল্পী গৰাকীৰ থকা-খোৱাৰ সকলো দায়িত্ব লৈছিল আৰু সেই অনুসৰি সকলো সুবিধা প্ৰদান কৰিছিল। কিন্তু দ্বিতীয় দিনা অৰ্থাৎ ৩ মে’ত শিল্পী গৰাকীক দিয়া কোঠাটো গোলাঘাটত অনুষ্ঠিত হৈ থকা টেবুল টেনিছ প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা ডিব্ৰুগড়ৰ এটা পৰিয়ালে বুক কৰি থৈছিল। গতিকে উক্তদিনা প্ৰায় ২.৩০ বজাত উক্ত পৰিয়ালটোৱে আহি কোঠাটো বিচাৰে।
যিহেতু ৰিজৰ্টখনত মাত্ৰ চাৰিটা থকা কোঠাৰ ব্যৱস্থা আছে,গতিকে তেনেস্থলত উক্ত পৰিয়ালটোক ৰাখিবলৈ পৃথক কোঠা নথকাত শিল্পীগৰাকীক কোঠাটো আজৰি কৰি দিবলৈ অনুৰোধ জনোৱা হয় বুলি বৰুৱাই উল্লেখ কৰে। কিন্তু বিয়লি ৪.৩০ বজা পৰ্য্যন্ত জুবিনে কোঠাতো আজৰি কৰি দিয়াৰ বাবে কোনোধৰণৰ সঁহাৰি নজনোৱাত তেওঁক জোৰ কৰি কোঠা খালি কৰিবলৈ কোৱা হয় অন্যথা প্ৰশাসনৰ সহায় ল’ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।
পিচে, হোটেল কৰ্তৃপক্ষই যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয় অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী গৰাকীক কৰা দুৰ্ব্যৱহাৰৰ বাবে জিমখানা কৰ্তৃপক্ষক গোলাঘাটৰ ৰাইজে সদায় গৰিহণা দিব আৰু জগৰীয়া কৰিব।